ETV Bharat / city

ইটিভি ভাৰতৰ বাতৰিৰ পিচতে সুনীল গগৈলৈ সহায়ৰ হাত

author img

By

Published : Jun 10, 2020, 5:55 PM IST

কিছুদিন পূৰ্বে আমি প্ৰকাশ কৰিছিলো সুনীল গগৈৰ জীৱনৰ অৱস্থা ৷ বিশেষভাৱে সক্ষম ব্যক্তিগৰাকীয়ে পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছিল ৷ কিন্তু পাচলি বিক্ৰী কৰিবলৈ ব্যক্তিগৰাকীৰ নাছিল কোনো উপযুক্ত সৰঞ্জাম ৷ এনে অৱস্থাত ইটিভি ভাৰতত প্ৰচাৰিত বাতৰি লাভ কৰি সুনীল গগৈক সহায়ৰ বাবে আগবাঢ়ি আহে শিৱসাগৰৰ গ্ৰীফন ক্লাৱৰ সদস্যসকল ৷

ইটিভি ভাৰতৰ বাতৰিৰ পিচতে সুনীল গগৈলৈ সহায়ৰ হাত
ইটিভি ভাৰতৰ বাতৰিৰ পিচতে সুনীল গগৈলৈ সহায়ৰ হাত

শিৱসাগৰ, 10 জুন : জীৱনৰ কষ্টকৰ সংগ্ৰামো এক সাৰ্থক আনন্দ হ'ব পাৰে যদিহে আপোনাৰ লগত মনে বিচৰা সহযোদ্ধা থাকে । এনে সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজতো আনন্দ আছে । দিনটোৰ কষ্টৰ অন্তত পত্নীয়ে সিজোৱা চাউল কেইটাই সুনীলক তৃপ্তি দিয়ে । মানসিক তৃপ্তিৰ বাবে সুনীল গগৈৰ পেঁপাৰ মাতে নিজান ৰাতি কঁপাই তোলে । যেন এজন আনজনৰ পৰিপূৰক ।

দৃষ্টিশক্তি হেৰুওৱা সুনীলৰ সংগী দীপামণি ৷ জীৱন স‌ংগ্ৰামৰ সহযোদ্ধা এখন ঠেলা ৷ ঠেলাত পোহাৰ মেলি পদুলিয়ে পদুলিয়ে পাচলি বিলায় দম্পতিটোৱে ৷ শিৱসাগৰৰ বানমুখ পাত্ৰ চেতিয়া গাঁৱৰ সুনীল গগৈ আৰু তেওঁৰ পৰিবাৰ দীপামণি গগৈৰ বাবে অদেখা বিলাসী চৰকাৰী আঁচনি ৷ সেয়ে পুৱাই ঠেলাত শাক-পাচলিৰ পোহাৰ মেলি জীৱন সংগ্ৰামৰ যাত্ৰা কৰে সুনীল-দীপামণিয়ে । মানুহৰ ঘৰৰ পদূলিয়ে-পদূলিয়ে পাচলিৰ যোগান ধৰে স্বামী-স্ত্ৰীয়ে । এইদৰে নিজৰ লগতে সংসাৰো পোহপাল দি আছে গগৈ দম্পতীয়ে ।

ইটিভি ভাৰতত প্ৰকাশিত পূৰ্বৱৰ্তী প্ৰতিবেদন

ওপৰত উল্লেখ কৰা ধৰনেই আমি চলিত মাহৰ 2 তাৰিখে প্ৰকাশ কৰিছিলো এক প্ৰতিবেদন ৷ শিৱসাগৰৰ বানমুখ পাটৰ চেতিয়া গাঁওৰ নিৱাসী দৃষ্টিহীন সুনীল গগৈ আৰু তেওঁৰ পত্নী দীপামণিৰ জীৱন সংগ্ৰামৰ সেই বাতৰিয়ে চুই গৈছিল বহু সুহৃদয়বান ব্যক্তিৰ হৃদয় । দৃষ্টিহীন হৈয়ো স্বনিৰ্ভৰশীল তথা আত্মনিৰ্ভৰ হৈ জীৱন নিৰ্বাহ কৰা সুনীল আৰু দীপামণিৰ কাষত আজি থিয় দিয়েহি শিৱসাগৰৰ গ্রীফন ক্লাৱৰ সদস্যসকল । গ্রীফন ক্লাৱৰ সভানেত্ৰী ভাৰতী শইকীয়া, সম্পাদক মনোজ বৰঠাকুৰ, মটক ছাত্ৰ সন্থাৰ জিলা সভাপতি বিৰাজ গগৈৰ লগতে গ্রীফন ক্লাৱৰ আন আন সদস্য সদস্যাসকলে দম্পতীহালৰ কাষত উপস্থিত হয় ৷ বৃদ্ধ দম্পতীহালৰ সহায়ৰ বাবে এখন ঠেলা আৰু পাচলি ক্ৰয় কৰিব পৰাকৈ মনোজ বৰঠাকুৰে এক হাজাৰ টকা লগতে মটক ছাত্ৰ সন্থাই দম্পতীহালৰ স্বাস্থ্য সংক্রান্তীয় দায়িত্ব গ্ৰহণ কৰিছে ।

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

অৱশ্যে চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ এতিয়াও সুনীল গগৈৰ বাবে এক ফটাঢোল । দৰিদ্ৰতাৰ শীৰ্ষত থকা সুনীল গগৈ পৰিয়ালে চৰকাৰৰ পৰা লাভ কৰিছে মাত্ৰ এটা ঘৰ । চৰকাৰে প্ৰদান কৰা শৌচালয়টো গগৈ পৰিয়ালতকৈয়ো দৰিদ্ৰ । ব্যৱহাৰৰ অযোগ্য । তথাপিও কিন্তু তেওঁলোকে জীৱন থমকিবলৈ দিয়া নাই । পাচলিৰ ঠেলাগাড়ীৰ লগত জীৱনৰ চকা ঘূৰাইছে শিৱসাগৰৰ এই দম্পতিয়ে । সন্মান আৰু সাৰ্থকতাৰ জীৱন ।

লগতে পঢ়কঃ জীৱন সংগ্ৰামৰ সহযোদ্ধা এহাল দম্পতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.