ETV Bharat / city

শিৱসাগৰত উপস্থিত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু - education minister comment on hslc and hs exam

শিৱসাগৰত উপস্থিত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগু ৷ জিলাখনৰ ক’ভিড আৰু উন্নয়ন পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী পেগুৱে ৷ উচ্চ আৰু উচ্চতৰ মাধ্য়মিক পৰীক্ষা অনুষ্ঠিত হ’ব বুলি মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ ৷

শিৱসাগৰত উপস্থিত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

author img

By

Published : May 30, 2021, 6:27 PM IST

শিৱসাগৰ, 30 মে': শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মনোনীত ৰাজ্যৰ নৱ নিযুক্ত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু দেওবাৰে শিৱসাগৰত উপস্থিত হয় । উল্লেখযোগ্য যে, কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে মনোনীত কৰাৰ পিছত দেওবাৰে প্ৰথমবাৰৰ বাবে শিৱসাগৰ জিলাত পদাৰ্পন কৰে মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ।

শিৱসাগৰত উপস্থিত হৈ মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, আৰক্ষী অধীক্ষক ৰাকেছ ৰৌশন তথা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ শ্যামন্ত মাধৱ শৰ্মাৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ জিলাখনৰ শেহতীয়া ক’ভিড পৰিস্থিতি, চৰকাৰী আঁচনিৰ ৰূপায়ণ আৰু উন্নয়নমূলক কামকাজৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ।

শিৱসাগৰত উপস্থিত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

আনহাতে, ক’ভিড পৰিস্থিতিৰ বাবে পিছুৱাই দিব লগা হোৱা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা আগন্তুক দিনত অতি সোনকালে অনুষ্ঠিত কৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিব দিয়ে । অৱশ্যে দুৰ্যোগপূৰ্ণ এই সময়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বিষয়সূচী আৰু নম্বৰ সংকুচিত কৰিব লগা হ'ব পাৰে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ কিন্তু প্ৰশ্ন আৰ্হি সলনি নহয় বুলি শিক্ষা মন্ত্ৰী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।

মন্ত্ৰী গৰাকীৰ লগত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ো উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ ৰোগীৰ বুজ লয় ৷

লগতে পঢ়ক : কৰ’ণাক জয়ৰে বাতৰিৰ শিৰোনাম দখল কৰা দুগৰাকী ককা-আইতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.