ETV Bharat / city

চিকিৎসাৰ অভাৱত ক’ভিড ৰোগী মৃত্যু : পিয়াহৰ পানীয়ো নাপাই ক’ভিড ৰোগীয়ে

author img

By

Published : Aug 8, 2021, 5:18 PM IST

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চঞ্চল্যকৰ ঘটনা । চিকিৎসা নোপোৱাৰ বাবে ক’ভিড ৰোগীৰ মৃত্যু ঘটাৰ অভিযোগ ৷ ব্যক্তিজনৰ নাম দিলীপ গগৈ ৷

covid-patient-dies-due-to-lack-of-treatment-in-sivasagar
পিঁয়াহৰ পানীয়ো নাপাই ক’ভিড ৰোগীয়ে

শিৱসাগৰ, 8 আগষ্ট : ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ সমান্তৰালভাৱে ৰাজ্যত ভেকচিন প্ৰদান কৰা হৈছে ৷ তথাপিও কিন্তু ক’ভিডত নিতৌ ৰাজ্যত আক্ৰান্ত হ’বলৈ ধৰিছে বহুলোক ৷ শনিবাৰে 11.30 বজাত দিলীপ গগৈ নামৰ ব্যক্তিজনক জয়সাগৰ স্থিত শিৱসাৰৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড চেন্টাৰত ভৰ্তি কৰোৱা হৈছিল । কিন্তু উচিত চিকিৎসাৰ অভাৱত বিয়লি 4.20 বজাত মৃত্যুক আঁকোৱালি ল’ব লগা হয় ৰোগীজনে ।

ক’ভিড চেন্টাৰত চিকিৎসাধীন হৈ থকা ৰোগীৰ বিস্ফোৰক অভিযোগ । ক’ভিড চেন্টাৰত সময় মতে চাফ-চিকুণ নকৰাৰ লগতে বেপাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াৰ উপৰি ক’ভিড কেয়াৰ চেন্টাৰত খোৱা পানীৰো সু ব্যৱস্থা নথকাৰ অভিযোগো উত্থাপিত হৈছে । ইপিনে এটা পানীৰ বটল আৰু ORS ৰ পেকেটৰ বাবদ ভৰিব লগা হয় অত্যাধিক মূল্য ।

শিৱসাগৰত চিকিৎসাৰ অভাৱত ক’ভিড ৰোগী মৃত্যু

ইফালে মৃতকৰ পত্নী অনু গগৈয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ তোলে যে দিনৰ 11.30 বজাৰ পৰা প্ৰায় 5 ঘণ্টা ধৰি চিকিৎসালয়ত থকা তেওঁৰ জ্বৰ, হাপানীত আক্ৰান্ত স্বামীক কোনো চিকিৎসকে উপযুক্ত চিকিৎসা প্ৰদান নকৰি কেৱল সাধাৰণ ক’ভিড ৰোগীৰ দৰে চিকিৎসা প্ৰদান কৰি নিজৰ কৰ্তব্য সামৰি থয় । কেৱল মাত্ৰ চিকিৎসকৰ হেমাহীৰ বাবেই তেখেতৰ স্বামীয়ে অকালতে মৃত্যু বৰণ কৰে বুলি প্ৰকাশ কৰে তেওঁ ।

লগতে পঢ়ক: লক্ষাধিক টকাসহ গ্ৰেপ্তাৰ বনকৰা মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.