ETV Bharat / city

ডিমৌৰ ক'ভিড কেয়াৰ কেন্দ্ৰৰ ৰোগীৰ কক্ষত থাকিব চিচি টিভি কেমেৰা - উপায়ুক্ত বিষ্ণুকমল বৰা

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত ডিমৌৰ ক'ভিড কেয়াৰ চেণ্টাৰত ৰোগীৰ কক্ষত থাকিব চি চি টিভি কেমেৰা ৷ জিলা উপায়ুক্ত বিষ্ণুকমল বৰাই শিৱসাগৰ জিলাৰ ক’ভিড কেন্দ্ৰৰ লগতে চিকিৎসালয়সমূহ পৰিদৰ্শন কৰে ৷

ডিমৌৰ ক'ভিড কেয়াৰ চেণ্টাৰৰ ৰোগীৰ কক্ষত থাকিব চি চি কেমেৰা

author img

By

Published : May 18, 2021, 8:54 PM IST

মৰাণ, 18 মে': দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে কৰ’ণা সন্ত্ৰাস ৷ কৰ’ণাৰ দ্বিতীয় ঢৌ'য়ে প্ৰাণ কাঢ়িছে শ শ লোকৰ ৷ অসমতো দৈনিক আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰিছে কেতবোৰ নীতি নিৰ্দেশনা ৷ তৎপৰ হৈ পৰিছে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সোমবাৰে ডিমৌৰ পলিটেকনিক ক'ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন কৰি সকলো চেণ্টাৰতে চি চি টিভি কেমেৰা লগোৱাৰ ব্যৱস্থা কৰিছে উপায়ুক্ত বিষ্ণুকমল বৰাই । ডিমৌ ৰাজহ চক্ৰৰ বিষয়া ফিলিছ ৰাংচালৰ সৈতে ৮৮ খন বিচনাযুক্ত ক'ভিড কেয়াৰ কেন্দ্ৰত উপস্থিত হৈ চিকিংসক, নাৰ্চ, চিকিৎসাকৰ্মী আৰু বৰ্তমান ভৰ্তি হৈ থকা ৩১ গৰাকীকৈ ক'ভিডত আক্ৰান্ত ৰোগীৰ সুবিধা-অসুবিধাৰ বুজ লয় উপায়ুক্ত গৰাকীয়ে ।

ডিমৌৰ ক'ভিড কেয়াৰ চেণ্টাৰৰ ৰোগীৰ কক্ষত থাকিব চি চি কেমেৰা

উপায়ুক্ত গৰাকীয়ে ক’ভিড কেন্দ্ৰ পৰিদৰ্শন কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ উল্লেখ্য যে, বৰ্তমানলৈকে শিৱসাগৰ জিলাত ৭ শতাধিক সক্ৰিয় ক'ভিড ৰোগী আছে । ক'ভিড হাস্পতালবোৰত প্ৰায় ডেৰশ ৰোগী ভৰ্তি হৈ থকাৰ বিপৰীতে 20 জনৰো অধিক লোক কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে দুই শতাধিক ৰোগী সুস্থ হৈ উঠিছে ।

নিজে ক'ভিডত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈ উঠা ক’ভিড যোদ্ধা বিষ্ণুকমল বৰাই ডিমৌৰ লগতে জিলাখনৰ ক'ভিড হাস্পতাল আৰু ক'ভিড কেয়াৰ চেন্টাৰ সমূহলৈ গৈ সামগ্ৰিক দিশসমূহ পৰ্যবেক্ষণ কৰে ৷

লগতে পঢ়ক : তিনিবাৰকৈ অসমক প্ৰতিনিধিত্ব কৰা এগৰাকী খেলুৱৈৰ জীৱন সংগ্ৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.