ETV Bharat / city

জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথমঞ্চৰ অসম বন্ধৰ আহ্বান

author img

By

Published : Oct 10, 2020, 10:14 AM IST

কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ কলিতা জনগোষ্ঠী যৌথ মঞ্চ আৰু কলিতা জনগোষ্ঠী যুৱ পৰিষদৰ আহ্বানত আজি গ্ৰহণ কৰা হয় অসম বন্ধৰ কাৰ্যসূচী ৷

জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথমঞ্চৰ অসম বন্ধৰ আহ্বান
জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী যৌথমঞ্চৰ অসম বন্ধৰ আহ্বান

শিৱসাগৰ, 10 অক্টোবৰ : কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সদৌ কলিতা জনগোষ্ঠী যৌথ মঞ্চ আৰু কলিতা জনগোষ্ঠী যুৱ পৰিষদৰ আহ্বানত আজি গ্ৰহণ কৰা হয় অসম বন্ধৰ কাৰ্যসূচী ৷ অসম বন্ধৰ এই কাৰ্যসূচীত শিৱসাগৰ জিলাত আংশিক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । পুৱাই বন্ধৰ সমৰ্থকসকলে যান-বাহন চলাচলত বাধা প্ৰদান কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আদি বন্ধ ৰখাৰ চেষ্টা কৰে । বিভিন্ন স্থানত পথৰ ওপৰত টায়াৰ জ্বলাই যাতায়ত ব্যাহত কৰাৰ চেষ্টা কৰা বন্ধ সমৰ্থকসকলক আৰক্ষীয়ে বাধা দিয়াৰ লগতে আটক কৰিছে । পুৱাৰ সময়ত বন্ধৰ আংশিক প্ৰভাৱ পৰিছে যদিও সময় বাগৰিলেহে ক'ব পৰা যাব শিৱসাগৰত বন্ধৰ প্ৰকৃত প্ৰভাৱ কেনে হয় ৷

লগতে পঢ়ক : চীনৰ সৈতে আলোচনাৰ পূৰ্বে মিলিত হ’ল সামৰিক বিষয়া আৰু শীৰ্ষ ৰাজনৈতিক নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.