আমগুৰি,17আগষ্টঃ আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে সৰৱ হৈ আজি আমগুৰিৰ ৰাজপথ কঁপাই তোলে কংগ্ৰেছ দলে ৷ গৌৰীসাগৰৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি 103 নং আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আমগুৰিৰ কংগ্ৰেছ কৰ্মীসকলে ৷ প্ৰতিবাদী কাৰ্যসূচীত একাংশ কংগ্ৰেছ কৰ্মীয়ে বিজেপি চৰকাৰ মুৰ্দাবাদ, আমগুৰি সমষ্টি বিলুপ্তিকৰণ বন্ধ কৰক, আমগুৰি সমষ্টি আমাৰ গৌৰৱ আদি শ্ল'গানেৰে অৰ্ধনগ্ন হৈ প্ৰতিবাদ কৰে ৷
প্ৰায় এঘণ্টা জোৰা প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব দি কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই উজনি অসমৰ ৰাজনৈতিক গুৰুত্ব কমাবৰ কাৰণেই বিজেপি চৰকাৰে সমষ্টি বিলুপ্তিকৰণ কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ কৰে ৷ ইয়াৰ লগতে লগতে বিজেপি চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ সফল হ'বলৈ দিয়া নহ'ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ৷