ETV Bharat / city

অভিৰুচি ক্ৰীড়া দিৱসত কি ক'লে ভোগেশ্বৰ বৰুৱাই...

author img

By

Published : Sep 3, 2020, 1:56 PM IST

Updated : Sep 3, 2020, 2:15 PM IST

আজি অভিৰুচি ক্ৰীড়া দিৱস ৷ নিজৰ জন্মদিনত কি মন্তব্য কৰিলে প্ৰবীণ ক্ৰীড়াবিদগৰাকীয়ে ৷ শুনো আহক...

অভিৰুচি ক্ৰীড়া দিৱস
অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱা

শিৱসাগৰ, 3 ছেপ্টেম্বৰ : অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অসমৰ এখন প্ৰখ্যাত ক্ৰীড়া আলোচনী অভিৰুচিয়ে প্ৰথমবাৰৰ বাবে পালন কৰিছিল ক্ৰীড়া দিৱসৰূপে । তেতিয়াৰ পৰাই আজিলৈকে অসমৰ বিভিন্ন প্ৰান্তত পালন কৰি অহা হৈছে অভিৰুচি ক্ৰীড়া দিৱস ৷ অৱশ্যে এইবাৰ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈয়ে অনুৰাগীসকলে দিহা কৰিলে প্ৰবাদ পুৰুষ গৰাকীৰ জন্মদিন উদযাপনৰ কাৰ্যসূচী ৷

আজি অভিৰুচি ক্ৰীড়া দিৱস

1937 চনৰ 3 ছেপ্টেম্বৰত শিৱসাগৰৰ সুন্দৰপুৰত জন্মগ্ৰহণ কৰিছিল অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই ৷ ফুটবল খেলুৱৈ ৰূপে ক্ৰীড়া জীৱন আৰম্ভ কৰি 1960 চনত ভাৰতীয় সেনা বাহিনীত যোগদান কৰা অৰ্জুন বঁটা প্ৰাপকগৰাকীয়ে 1964-65 চনৰ ৰাষ্ট্ৰীয় এথলেটিক প্ৰতিযোগিতাত দখল কৰিছিল স্বৰ্ণ পদক ৷ 1966 চনত বেংককত পঞ্চম এছিয়ান গেমচত 800 মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰে বৰুৱাই ৷ ইয়াৰ পাচত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণপ্ৰাপক হিচাপে প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত হয় এইগৰাকী যশস্বী খেলুৱৈ । এই সফলতাৰ বাবে 1967 চনত তেওঁ লাভ কৰে অৰ্জুন বঁটা । 1970 চনত পুনৰ এছিয়ান গেমছৰো 400 মিটাৰ ৰীলেত ৰূপৰ পদক দখল কৰা দলৰ অন্যতম সদস্য আছিল ভোগেশ্বৰ বৰুৱা । অল ইণ্ডিয়া কাউন্সিল অৱ স্পৰ্টচ আৰু ৰাষ্ট্ৰীয় এথলেটিক দলৰো নিৰ্বাচক আছিল বৰুৱা । 6 বছৰ ধৰি একেটা পদবীতে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰবীণ ক্ৰীড়াবিদগৰাকীয়ে ।

1968 চনৰ পৰা 50 বছৰ ধৰি অৰ্জুন বঁটা নিৰ্বাচক সমিতিৰো সদস্য আছিল বৰুৱা । চিলাৰায় বঁটা প্ৰাপক এই গৰাকী অসম গৌৰৱে জন্মদিনৰ দিনা বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিক লৈ দুখ প্ৰকাশ কৰে । এনে পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বত যি প্ৰভাৱ পৰিছে তাৰ ফল দেখা যাব আগন্তুক অলিম্পিকত বুলি তেওঁ মত প্ৰকাশ কৰে । আগন্তুক অলিম্পিকত দেশসমূহৰ ক্ৰীড়া প্ৰদৰ্শনত কৰ'ণা ভাইৰাছৰ প্ৰভাৱ দেখা যাব বুলি তেওঁ আক্ষেপেৰে কয় । আনহাতে, বৰ্তমানৰ সংকটৰ সময়ত চৰকাৰে ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই নিবলৈ সক্ষম হোৱা বুলি তেওঁ সন্তোষ প্ৰকাশ কৰে । অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ মতে ৰাজনীতিয়ে আপোনক পৰ কৰে ।

ইটিভি ভাৰতৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰবীণ ক্ৰীড়াবিদ গৰাকীক জনালো জন্মদিনৰ অফুৰন্ত শুভেচ্ছা ৷

লগতে পঢ়ক : বৰ্ষাকালিন অধিৱেশনৰ অন্তিমটো দিনত কি কি হ'ল ?

Last Updated : Sep 3, 2020, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.