ETV Bharat / city

শিলচৰত অগ্নিকাণ্ড: দুজনৰ মৃত্যু

author img

By

Published : Apr 16, 2021, 5:39 PM IST

শিলচৰত এটা বাসগৃহত অগ্নিসংযোগ কৰি এটা পৰিয়ালক হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ ৷ ভূ-মাফিয়াৰ দ্বাৰা অগ্নিকাণ্ডটো সংঘটিত হৈছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

শিলচৰত অগ্নিকাণ্ড: দুজনৰ মৃত্যু
শিলচৰত অগ্নিকাণ্ড: দুজনৰ মৃত্যু

শিলচৰ ,16 এপ্ৰিল : শিলচৰত অগ্নিসংযোগ কৰি মাতৃ আৰু শিশুক হত্যা কৰাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বাসগৃহত অগ্নিসংযোগ কৰি মাতৃ আৰু শিশু কন্যাক হত্যা কৰাৰ ঘটনাই শিলচৰৰ চহৰতলী বেৰেঙাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে ৰাতি বেৰেঙাত দ্বিতীয় খণ্ডৰ ৰবিদাস পাড়াত ৰাজু ৰবিদাসৰ ঘৰত অগ্নি সংযোগ কৰে দুৰ্বৃত্তই । অগ্নিকাণ্ডত ৰাজু ৰবিদাস, পত্নী দুলিয়া ৰবিদাস আৰু কন্যা অঞ্জলি ৰবিদাস (১০) গুৰুতৰভাৱে আহত হয় ।

শিলচৰত অগ্নিকাণ্ড: দুজনৰ মৃত্যু

সংকটজনক অৱস্থাত তেওঁলোকক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও দুলিয়া ৰবিদাস আৰু কন্যা অঞ্জলি ৰবিদাসৰ মৃত্যু হয় । ৰাজু ৰবিদাস বৰ্তমান চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে । প্ৰত্যক্ষদৰ্শীৰ মতে, জুই বিয়পি পৰাৰ সময়তেই ঘৰৰ ভিতৰৰ পৰা তিনিওগৰাকী লোক ওলাই আহে যদিও তিনিওগৰাকীয়ে গুৰুতৰভাৱে অগ্নিদগ্ধ হয় । এই সমগ্ৰ ঘটনা ভূ-মাফিয়াই সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ঘটনাৰ খবৰ পোৱাৰ পাছতেই শিলচৰ সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । ঘটনা সন্দৰ্ভত শিলচৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু হৈছে যদিও এতিয়ালৈ কোনো দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : গোলাঘাটত সমাজ কৰ্মীক সম্বৰ্ধনা যুৱ ছাত্ৰ পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.