শিলচৰ, 9 মে’: শেতীয়াকৈ পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষৰ ওপৰত কৰা আক্ৰমণৰ বিৰোধিতাৰে বৃহস্পতিবাৰে শিলচৰত বিজেপিৰ প্ৰতিবাদ ৷ শিলচৰৰ বিজেপি কাৰ্যালয়ৰ পৰা সমদল উলিয়াই ৰাজপথত বিজেপি কৰ্মীসকলে দাহ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পুত্তলিকা ৷
অসম চৰকাৰৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড0 হিমন্ত বিশ্ব শৰ্মা আৰু বংগ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ ঘোষৰ ওপৰত সংঘটিত আক্ৰমণ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে কৰা বুলি অভিযোগ কৰে শিলচৰৰ বিজেপি কৰ্মীসকলে ৷ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে প্ৰতিবাদকাৰীসকলে ৷