নিউজ ডেস্ক, 26 জানুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি যোৰহাট, চিৰাং, পূৱ বিলাসীপাৰা, শিলচৰ, বঙাইগাঁৱতো পালন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস ৷ যোৰহাটত ৰাজ্যিক কৃষি মন্ত্ৰী অতুল বৰাই যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা ।
এই দিৱসৰ লগত সংগতি ৰাখিয়ে অসম আৰক্ষী, কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী, এনচিচি, স্কাউট এন্ড গাইড, বিভিন্ন বিদ্যালয় ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷
ইপিনে চিৰাঙত গণৰাজ্য দিৱস অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মই । এই অনুষ্ঠানৰ পাচতেই এনডিএফবি ৰে শান্তি আলোচনাৰ নামত বিটিচিক ইউটিচি কৰা নহয় বুলি স্পষ্ট কৰে ব্ৰহ্মই ৷ লগতে বিটিচি সংবিধানৰ কোনো সাল সলনি নহয় বুলিও উল্লেখ কৰে ।
পূৱ বিলাসীপাৰাৰ চাপৰতো উলহ মালহৰে পালন কৰা হয় 71 সংখ্যক গণৰাজ্য দিৱস ৷ চাপৰৰ গান্ধী ময়দানত উদযাপিত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া নৱজিৎ পাঠকে । অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কেবা শতাধিক ৰাইজ অংশ গ্ৰহণ কৰাৰ লগতে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গছ পুলি বিতৰণ কৰা হয় ।
আনহাতে শিলচৰ চহৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত উদযাপ কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰে বন, মীন আৰু আৱকাৰি বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে । এই অনুষ্ঠানতেই কাছাৰ জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য গীত পৰিবেশন কৰা হয় ।
যোৰহাট, পূৱ বিলাসীপাৰা, চিৰাং, শিলচৰৰ লগতে বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো গণৰাজ্য দিৱস উপলক্ষ্য স্থানীয় গান্ধী খেলপথাৰত অসম চৰকাৰৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আৰক্ষী, অৰ্ধসামৰিক বাহিনী,ছাত্ৰ,ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰি ৰাইজক উদ্দেশ্য ভাষণ প্ৰদান কৰে ৷