ETV Bharat / city

চাকৰিলৈ বাট নাচায় কৃষিকৰ্মত ব্যস্ত ৰসায়ন বিভাগৰ স্নাতক দেৱাশীস

প্ৰায় ৩৪ বিঘা মাটিত পুখুৰী খান্দি মাছৰ পোনো উৎপাদনেৰে বিভিন্ন অঞ্চললৈ ৰপ্তানি কৰে দেৱাশিসে ৷ইয়াৰ লগতে হাঁহ, কুকুৰা, ছাগলী আদি পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বিতা হৈ কৃষিকৰ্মৰ লগত জড়িত লোকক উৎসাহিত কৰা দেখা পোৱা গৈছে৷উল্লেখযোগ্য যে,ধৰ্মপুৰ সমষ্টিৰ ডাঙৰদিত অৱস্থিত দেৱাশিস তালুকদাৰৰ এই ফাৰ্ম খনত আছে ১০ টা বৃহৎ আকাৰৰ পুখুৰী, বিভিন্ন প্ৰজাতিৰ গৰু-ছাগলী, গাহৰি, ৩০০ টা হাঁহ, কুকুৰা ৷

author img

By

Published : May 17, 2020, 10:55 PM IST

youth farmer of nalbari
চাকৰিলৈ বাট নাচায় কৃষিকৰ্মত ব্যস্ত ৰসায়ন বিভাগৰ স্নাতক দেৱাশীস

ৰাসায়ন বিজ্ঞান স্নাতক ডিগ্ৰীধাৰী যুৱক দেৱাশিস তালুকদাৰৰ মীন পালন

নলবাৰী,17মে'ঃ বৰ্তমান সময়ত ৰাজ্যত একাংশ শিক্ষিত যুৱ প্ৰজন্মই কৃষিকৰ্মৰ জৰিয়তে নিজকে অৰ্থনৈতিক টনকিয়াল কৰাৰ উপৰিও বহু পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৷ তেনে এক উদাহৰণ দেখিবলৈ পোৱা গ'ল নলবাৰীত৷ নলবাৰী জিলাৰ বৰকুৰিহাৰ উমেশ তালুকদাৰৰ কনিষ্ঠ পুত্ৰ তথা ৰসায়ন বিভাগৰ স্নাতক দেৱাশীস তালুকদাৰে সৰুৰে পৰাই কৃষিকৰ্মৰ লগত জড়িত হোৱাৰ উপৰিও পঢ়া-শুনা কৰি নিজৰ শৈক্ষিক দিশটো অকণো ক্ষতি নোহোৱাকৈ আগুৱাই নিবলৈ সক্ষম হৈছে ৷চাকৰিৰ প্ৰতি ধাৱমান নহৈ নিজৰ মাটিতে দেৱাশিসে কৃষিকৰ্মৰ লগত জড়িত হৈ আৰম্ভ কৰিছে 'এগ্ৰো ফাৰ্ম এণ্ড ফিছাৰি' নামৰ এখন ফাৰ্ম ৷প্ৰায় ৩৪ বিঘা মাটিত পুখুৰী খান্দি মাছৰ পোনো উৎপাদনেৰে বিভিন্ন অঞ্চললৈ ৰপ্তানি কৰে দেৱাশিসে ৷ইয়াৰ লগতে হাঁহ, কুকুৰা, ছাগলী আদি পালন কৰি আৰ্থিকভাৱে স্বাৱলম্বিতা হৈ কৃষিকৰ্মৰ লগত জড়িত লোকক উৎসাহিত কৰা দেখা পোৱা গৈছে৷উল্লেখযোগ্য যে,ধৰ্মপুৰ সমষ্টিৰ ডাঙৰদিত অৱস্থিত দেৱাশিস তালুকদাৰৰ এই ফাৰ্ম খনত আছে ১০ টা বৃহৎ আকাৰৰ পুখুৰী, বিভিন্ন প্ৰজাতিৰ গৰু-ছাগলী, গাহৰি, ৩০০ টা হাঁহ, কুকুৰা ৷

কিন্তু দুৰ্ভাগ্যজনক কথা এইয়ে যে,আজিপৰ্যন্ত কোনোধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰা নাই যুৱকজনে৷ চকুত পৰা নাই চৰকাৰী মীন বিষয়া তথা বিভাগীয় কৰ্তৃপক্ষৰো৷আজিলৈকে চৰকাৰী সা-সুবিধা অবিহনেই যুৱক জনে বছৰি ১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে পাঁচটাকৈ পৰিয়াল নিজৰ ফাৰ্মৰ লগত জড়িত কৰাই পৰিয়াল পোহপাল দিয়াবলৈ সক্ষম হৈছে ৷ এনেদৰেই এতিয়া কৃষিকৰ্মৰ জৰিয়তে বহুজনৰ আদৰ্শ হৈ থিয় দিছে দেৱাশীসে ৷

লগতে পঢ়কঃপৰাগ কুমাৰ দাস হত্যাকাণ্ডৰ 24 টা বৰ্ষ সম্পূৰ্ণঃ ন্যায় কেতিয়া?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.