ডিমা হাছাও/নলবাৰী, 11 ডিচেম্বৰ : হেলিকপ্তাৰ দুৰ্ঘটনাত চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাট আৰু পত্নী মধুলিক ৰাৱাটসহ 13 গৰাকীকৈ সেনা বিষয়াৰ মৃত্যু(Bipin Rawat's chopper crash)ত শোক প্ৰকাশ কৰিছে হাফলঙত বিশ্ব হিন্দু পৰিষদে ৷ হাফলং চহৰত শনিবাৰ সন্ধিয়া বিশ্ব হিন্দু পৰিষদে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু শোকসভা(Tributes to Rawat and Army officers in Assam)ৰ আয়োজন কৰি দেশৰ প্ৰথমগৰাকী প্ৰয়াত প্ৰতিৰক্ষা প্ৰধান, তেওঁৰ পত্নী আৰু সেনা বিষয়াসকলক শ্ৰদ্ধা নিবেদন কৰে ।
পৰিষদে প্ৰয়াত প্ৰতিৰক্ষা প্ৰধান বিপিন ৰাৱাট আৰু সেনা বিষয়াসকলৰ নামত চাকি-বন্তি-কেণ্ডেল জ্বলাই আৰু ফুল দি শ্ৰদ্ধা নিবেদন কৰে ৷ তেওঁলোকে প্ৰয়াতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট নীৰৱতা পালন কৰে ৷
আনহাতে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিয়ে প্ৰয়াত প্ৰতিৰক্ষা প্ৰধান আৰু আৰু সেনা বিষয়াসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ নলবাৰী থানা চ’কত পৰিষদে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ এই শ্ৰদ্ধাজ্ঞলি অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় কংফু খেলুৱৈকে ধৰি বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাসকল । প্ৰতিবাদকাৰীসকলে প্ৰয়াতসকলৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷
লগতে পঢ়ক : Mortal remains of General Rawat: সামৰিক মৰ্যদাৰে সম্পন্ন শেষকৃত্য