ETV Bharat / city

মণিপুৰৰ ভূমিস্খলনত নিহত নলবাৰীৰ ৰাজু আলীৰ জানাজা সম্পন্ন

author img

By

Published : Jul 5, 2022, 10:07 PM IST

মণিপুৰৰ ভূমিস্খলনত বুধবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল নলবাৰীৰ বৰাজোলৰ ৰাজু আলী (Manipur landslide) ৷ মহৰি হিচাপে কৰ্মৰত ৰাজু প্ৰায় এমাহ পূৰ্বে গৈছিল মণিপুৰলৈ ৷ মঙলবাৰে শোকাকুল পৰিবেশৰ মাজত জানাজা সম্পন্ন হ’ল নলবাৰীৰ ৰাজু আলীৰ ।

Manipur landslide
Manipur landslide

নলবাৰী, ৫ জুলাই : শোকাকুল পৰিবেশৰ মাজত জানাজা সম্পন্ন হ’ল নলবাৰীৰ ৰাজু আলীৰ । মণিপুৰৰ ভূমিস্খলনত বুধবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল নলবাৰীৰ বৰাজোলৰ ৰাজু আলী ৷ মহৰি হিচাপে কৰ্মৰত ৰাজু প্ৰায় এমাহ পূৰ্বে গৈছিল মণিপুৰলৈ ৷ কিন্তু প্ৰকৃতিৰ তাণ্ডৱত প্ৰাণ হেৰুৱাইছিল ৰাজুৱে । সোমবাৰে উদ্ধাৰ কৰা হৈছিল ৰাজুৰ মৃতদেহ (Manipur landslide victim)।

উল্লেখযোগ্য যে, অহা ৮ জুলাইত ঘৰলৈ অহাৰ কথা আছিল ৰাজু । কিন্তু তাৰ পূৰ্বে ৰাজু উভতি আহিল বন্ধ কফিনত নিথৰ দেহ হৈ । ইফালে মঙলবাৰে আবেলি নিজ গৃহত ৰাজুৰ মৃতদেহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিবেশে বিৰাজ কৰে (Manipur landslide) । চৌদিশে কেৱল হিয়াভঙা কান্দোন ৷ তাৰ পিছতেই স্থানীয় কৱৰস্থানত ৰাজুৰ জানাজা সম্পন্ন কৰা হয় ।

মণিপুৰৰ ভূমিস্খলনত নিহত নলবাৰীৰ ৰাজু আলীৰ জানাজা সম্পন্ন

উল্লেখযোগ্য কণমানি দুই পুত্ৰ, পত্নী আৰু মাতৃৰ সৈতে আছিল ৰাজুৰ সুখৰ পৰিয়াল । কিন্তু এতিয়া একমাত্ৰ উপাৰ্জনকাৰী ৩৩ বছৰীয়া ৰাজুৱে‌ প্ৰকৃতিৰ কাল ৰূপত মৃত্যুক সাৱটিলে । সকলোৱে পৰিয়ালটোক বিভিন্ন প্ৰকাৰে সহায়ৰ বাবে চৰকাৰক আহবান জনাইছে ।

লগতে পঢ়ক: কুশতলীত শোকৰ বন্যা ; ৰাজহুৱা শ্মশানত কৰা হ’ল চাৰিযুৱকৰ অন্ত্যেষ্টিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.