ETV Bharat / city

নলবাৰীত ১৪৪ ধাৰাৰ অধীনত প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা

এতিয়াৰে পৰা নলবাৰী জিলাত কোনো লোকে প্লাষ্টিক গিলাছ বা প্লাষ্টিক প্লেট আদি ব্যৱহাৰ কৰিব নোৱাৰিব । এই কথা সদৰি কৰিলে জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে ৷

author img

By

Published : Jul 28, 2020, 10:43 PM IST

Plastic Baned By Administration At Nalbari District
নলবাৰীত ১৪৪ ধাৰাৰ অধীনত প্লাষ্টিক ব্যৱহাৰত নিষেধাজ্ঞা

নলবাৰী, 28 জুলাইঃ নলবাৰীৰ জিলা দণ্ডাধীশ পূৰৱী কোৱঁৰে,প্লাষ্টিক ব্যৱহাৰে পৰিৱেশৰ ওপৰত ব্যাপক প্ৰভাৱ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনত জধেমধে প্লাষ্টিক ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে ৷

উল্লেখ্য যে,প্লাষ্টিক বেগ ব্যৱহাৰ কৰি বহু লোকে দায়িত্বহীনভাৱে য'তে ত'তে পেলাই পৰিৱেশ আৰু জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে । গতিকে দোকানী,বিক্ৰেতা,পাইকাৰী ব্যৱসায়ী,খুছুৰা ব্যৱসায়ী,ট্ৰেডাৰ,হ'কাৰ,ফেৰীৱালা কোনোৱে প্লাষ্টিক বহন মোনা,প্লাষ্টিক শ্বীটচ , ৫০ মাইক্ৰনতকৈ কম ডাঠ কেবাতৰপীয়া প্লাষ্টিক মোনা, ৬০ মিলি মিটাৰতকৈ কম ব্যাসাৰ্ধ আৰু ৫০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিক কাপ, কম দিন চলা পিভিচি আৰু ক্লোৰিন যুক্ত প্লাষ্টিক বেগ, বেনাৰ,ফ্লেক্সৰ লগতে যিকোনো ধৰণৰ প্লাষ্টিক পতাকা বা পতাকা বনোৱা সামগ্ৰী আদি নলবাৰী জিলাত নিষিদ্ধ কৰা হৈছে ।

যিকোনো ধৰণৰ প্লাষ্টিক বেগ কোনো উদ্যোগ বা লোকে উৎপাদন,আমদানি,যোগান,মজুতকৰণ,সৰবৰাহ,বিক্ৰী আৰু বিতৰণ আদি নলবাৰী জিলাত কৰিব নোৱাৰিব। কোনো লোকে আলোচনী,নিমন্ত্ৰণী পত্ৰ বা শুভেচ্ছা পত্ৰ আদি বান্ধিবলৈ প্লাষ্টিক ক'ভাৰ, প্লাষ্টিক শ্বীট বা প্লাষ্টি ফিল্ম বা প্লাষ্টিক টিউব ব্যৱহাৰ কৰিব নোৱাৰিব । নলবাৰী জিলাত কোনো লোকে প্লাষ্টিক গিলাছ বা প্লাষ্টিক প্লেট আদি ব্যৱহাৰ কৰিব নোৱাৰিব । এই নিষেধাজ্ঞাসমূহ সমগ্ৰ নলবাৰী জিলাতে তৎকালীনভাৱে বলবৎ হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।

অৱশ্যে বায়ো মেডিকেল ৱেষ্ট মেনেজমেন্ট বিধি ,২০১৬ ৰ অধীনত ব্যৱহৃত প্লাষ্টিক বেগৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব । আৰু গাখীৰ বা অন্য খাদ্য প্ৰক্ৰিয়াকৰণত ব্যৱহৃত প্লাষ্টিক আৰু নাৰ্চাৰীত গছৰ পুলিৰ ক্ষেত্ৰত ব্যৱহৃত প্লাষ্টিকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব।

লগতে পঢ়ক- কৰ'ণাৰ ভয়াৱহ গণ সংক্ৰমনৰ দিশে নগাঁও জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.