ETV Bharat / city

নলবাৰীত দুগৰাকীকৈ হাই প্ৰফাইল প্ৰাৰ্থীৰ মনোনয়ন দাখিল

author img

By

Published : Mar 17, 2021, 10:17 PM IST

বুধবাৰে বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰীৰ প্ৰাৰ্থী নাৰায়ণ ডেকাই ৷ কংগ্ৰেছৰ লগত এতিয়া আজমলৰ হাত থকাৰ বাবে ৰাইজে কংগ্ৰেছক পৰিত্যাগ কৰিছে বুলি কংগ্ৰেছৰ মহাজোঁটবন্ধনক সমালোচনা কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

নলবাৰীত মন্ত্ৰী চন্দ্ৰমোহন আৰু বিধায়ক নাৰায়ণ ডেকাৰ দাখিল মনোনয়ন

নলবাৰী,17 মাৰ্চ: বুধবাৰে বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্ৰীৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক নাৰায়ণ ডেকাই । যথেষ্ট সংখ্যক সমৰ্থকেৰে নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

ইপিনে এই সভাত অংশ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বৈজয়ন্ত জয় পাণ্ডাই । হিন্দু-মুছলিম সকলোৰে আত্মাত ভগৱান দেখো, বিজেপি মুছলিম বিৰোধী নহয় বুলি মন্তব্য় কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ এইবাৰ পূৰ্বতকৈ অধিক ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ । কংগ্ৰেছৰ লগত এতিয়া আজমলৰ হাত থকাৰ বাবে ৰাইজে কংগ্ৰেছক পৰিত্যাগ কৰিছে বুলি কংগ্ৰেছৰ মহাজোঁট বন্ধনক সমালোচনা কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে । ধৰ্মপুৰত এইবাৰ তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মন্তব্য কৰিলে পাটোৱাৰীয়ে । ইপিনে ভাষণ প্ৰসংগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, আমাৰ যুৱকে স্বয়ম আঁচনিৰ জৰিয়তে দুই লাখকৈ টকা পাইছে, পৰৱৰ্তী সময়ত পাঁচ লাখকৈ পাব ৷

আনহাতে, বৰক্ষেত্ৰীৰ পৰা এক বিশাল বাইক ৰেলীৰে নলবাৰী কলেজ ফিল্ডত উপস্থিত হৈ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই । আগন্তুক নিৰ্বাচনত বিপুল ভোটত নিৰ্বাচিত হ’ব বুলি মন্তব্য কৰাৰ লগতে বৰক্ষেত্ৰীত তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলি মন্তব্য কৰে নাৰায়ণ ডেকাই ।

লগতে পঢ়কঃ শিলাদিত্যক ৰাজ্যসভালৈ পঠিওৱাৰ টোপ : ইটিভি 'এক্সক্লুচিভ'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.