ETV Bharat / city

দীপাৱলীৰ বাবে সাজু নলবাৰীৰ আতচবাজীৰ কাৰখানা - মৃৎ শিল্প

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অসমত দীপাৱলী পালনৰ সিদ্ধান্ত লোৱাৰ কথা ব্যক্ত কৰে ৷ ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীগৰাকীয়ে অসমতো যে দেৱালী হ’ব তাকে আওপকীয়াকৈ মন্তব্য কৰে । ইয়াৰ পিছতে ৰাজ্যজুৰি বৃদ্ধি পাইছে দীপাৱলীৰ আতচবাজী আৰু মৃৎ শিল্পৰ লগত জড়িত লোকসকলৰ ৷

Nalbari fireworks factory ready for Diwali
দীপাৱলীৰ বাবে সাজু নলবাৰীৰ আতচবাজীৰ কাৰখানা
author img

By

Published : Oct 31, 2021, 5:17 PM IST

নলবাৰী, 31 অক্টোবৰ : পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত আৰু মাত্ৰ কেইটিমান দিন বাকী । দীপাৱলীক লৈ ব্যাপক ব্যস্ততা পৰিলক্ষিত হৈছে আতচবাজী কাৰখানাত । নলবাৰীৰ নিজ বাঁ‌হজানীৰ অন্তৰ্গত "মা আইকন আতচবাজী" কাৰখানাতো পৰিলক্ষিত হৈছে অনুৰূপ দৃশ্য ।

দীপাৱলীৰ বাবে সাজু নলবাৰীৰ আতচবাজীৰ কাৰখানা

প্ৰায় ডেৰশ বছৰ পুৰণি নলবাৰীৰ এই কাৰখানাটোত দীপাৱলী বুলিলেই ব্যস্ততা বাঢ়ে কৰ্মচাৰীসকলৰ । বিগত সময়ত ক'ভিডকালীন পৰিস্থিতিৰ বাবে কাৰখানাটোৰ স্বত্বাধিকাৰীয়ে আতচবাজীৰ ব্যৱসায়ত ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছিল । অৱশ্যে এইবাৰ চৰকাৰে দীপাৱলী উদযাপনৰ ক্ষেত্ৰত কিছু শিথিলতা জাৰি কৰাৰ বাবে হাঁহি বিৰিঙিছে আতচবাজী উদ্যোগটোৰ লগত জড়িত লোকসকলৰ ।

গুৱাহাটী, বৰপেটা, হাজো, বঙাইগাঁৱকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত উদ্যোগটোৱে ৰপ্তানি কৰে আতচবাজী । কলগছ, চিংগল শ্বট, আলু ব'মকে ধৰি কেইবা প্ৰকাৰৰ আতচবাজী তৈয়াৰ কৰা হৈছে এই কাৰখানাটোত । কেৱল মাত্ৰ দীপাৱলীৰ বাবেই কাৰখানাটোত নিৰ্মাণ কৰা হৈছে দহ লক্ষাধিক টকাৰ আতচবাজী ।

লগতে পঢ়ক : দীপান্বিতা উপলক্ষে ডিব্ৰুগড়ত মাটি চাকি নিৰ্মাণত ব্যস্ত মৃৎ শিল্পী সকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.