ETV Bharat / city

পুনৰ চৰ্চাত নলবাৰীৰ এগৰাকী ক’ভিড যোদ্ধা

নলবাৰীৰ এগৰাকী যুৱকৰ প্ৰশংসনীয় কাৰ্য ৷ ৰোজা ৰাখিও ক’ভিডৰ পৰা সাধাৰণ মানুহক ৰক্ষা কৰিবলৈ গাঠিৰ ধন ভাঙি কৰি গৈছে চেনিটাইজেচন ৷

author img

By

Published : Apr 30, 2021, 2:55 PM IST

পুনৰ চৰ্চাত নলবাৰীৰ এগৰাকী ক’ভিড যোদ্ধা
পুনৰ চৰ্চাত নলবাৰীৰ এগৰাকী ক’ভিড যোদ্ধা

নলবাৰী, 30 এপ্ৰিল : পুনৰ ক’ভিডৰ বিৰুদ্ধে নামি পৰিছে নলবাৰীৰ এগৰাকী ক’ভিড যোদ্ধা ৷ পেচাত চাইকেল মেকানিক নাচিকুৰ ৰহমানে এইবাৰো ক’ভিড যুদ্ধত নামি পৰিছে ৷ বিগত বৰ্ষৰ দৰে এইবাৰো কৰ’ণাৰ দ্বিতীয় ঢৌৰ সময়ত জিলাখনৰ বিভিন্ন প্ৰান্তত নিজৰ গাঠিৰ ধন ভাঙি লগতে বিভিন্ন প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ মানৱতাৰ হকে চেনিটাইজেচন কৰি গৈছে ৷

পুনৰ চৰ্চাত নলবাৰীৰ এগৰাকী ক’ভিড যোদ্ধা

প্ৰতিগৰাকী নাগৰিকক সুৰক্ষা প্ৰদানৰ উদ্দেশ্য আগত লৈ ঘগ্ৰাপাৰৰ যুৱক জনে কৰ’ণাৰ দ্ৰুত সংক্ৰমণ হোৱা নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ঘগ্ৰাপাৰ আৰক্ষী থানা, ঘগ্ৰাপাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, নলবাৰী আৰক্ষী চকী, নলবাৰী ষ্টেট বেংক, নলবাৰী কাৰাগাৰকে ধৰি বিভিন্ন প্ৰান্তত বিনামূলীয়াকৈ চেনিটাইজেচন কৰি এক উৎকৃষ্ট নিদৰ্শন ডাঙি ধৰিছে ৷

লগতে পঢ়ক : সূৰ্যমুখী ফুলৰ বাগিচাৰে চৰ্চা লাভ এজন খেতিয়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.