ETV Bharat / city

Magh Bihu Celebration: ৰাজ্যজুৰি পৰিলক্ষিত হ’ল ভোগালীৰ উচাহ - Bihu in Chatia

ৰাজ্যজুৰি উলহ-মালহেৰে উদযাপন কৰা হ’ল ভোগালী বিহু (Magh Bihu Celebration)৷ কাল কৰ’ণাৰ আতংকৰ স্বত্বেও কিছু চৰকাৰী নীতি-নিৰ্দেশনা মানি থলগিৰী অসমীয়াই ভোগালীত খালে ভোগভৰাই এসাঁজ ৷ ল’লে মেজিৰ জুইৰ উম ৷ নলবাৰী, চতিয়া, অভয়াপুৰী সকলোতে দেখা গ’ল ভোগালীৰ উচাহ ৷

Magh Bihu Celebration
ৰাজ্যজুৰি পৰিলক্ষিত হ’ল ভোগালীৰ উচাহ
author img

By

Published : Jan 14, 2022, 9:05 PM IST

নিউজ ডেস্ক: আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু ৷ ক’ৰানাকালীন পৰিস্থিতিৰ মাজতে চৰকাৰী নীতি-নিৰ্দেশনা মানি ৰাজ্যবাসীয়ে উদযাপন কৰিলে ভোগালী বিহু তথা মাঘ বিহু (Magh Bihu Celebration)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্ত দেখা গ’ল ভিন্ন আৰ্হিৰ ভেলাঘৰ, দেখা গ’ল ভিন্ন আকৃতিৰ মেজি ৷ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই সৰ্বত্ৰে একত্ৰিত অসমীয়াই টনকিয়াল কৰিলে অসমীয়া জাতীৰ আয়ুস ৰেখাক ৷

নলবাৰী: উৰুকাৰ নিশা উদৰ পুৰাই খোৱাৰ পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো আজি পুৱাই মেজি প্ৰজ্বলন কৰা হয় । নলবাৰীৰ ভূনুকুছিত পৰম্পৰা অক্ষুন্ন ৰাখি সমূহীয়াভাৱে মেজিৰ উম ল’লে অঞ্চলবাসীয়ে ৷ এই পৰম্পৰা প্ৰতি বছৰে ৰাখি আহিছে ভূনুকুছিবাসীয়ে । ইফালে বিহুৰ দিনটোত কণী যুঁজো আয়োজন কৰা হয় ।

চতিয়া: জামুগুৰিহাটৰ ঐতিহাসিক কৰতিপাৰ সত্ৰত পৰম্পৰাগতভাৱে ভোগালী বিহু উপলক্ষে মকৰ সংক্ৰান্তি উদযাপন কৰা হয় । কৰতিপাৰৰ ৰাইজে বিগত ১০০ বছৰ ধৰি এই ঐতিহাসিক কৰতিপাৰ সত্ৰত নিজৰ পৰম্পৰা ৰক্ষা কৰি সম্পূৰ্ণ ৰীতি-নীতিৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিব আহিছে ।

পুৰ্বপুৰুষৰ নিয়ম অনুসৰি আজিও সেই একে প্ৰথাৰে কৰতিপাৰ সত্ৰত মকৰ সংক্ৰান্তি আৰু ফাকুৱা উৎসৱ অনুষ্ঠিত হৈ আহিছে । প্ৰবাদ অনুসৰি এই সত্ৰখন প্ৰথম অৱস্থাত মাজুলীত প্ৰতিষ্ঠা কৰা হৈছিল আৰু কালক্ৰমত সত্ৰখন আহি জামুগুৰিহাটৰ কৰতিপাৰ গাঁৱত প্ৰতিষ্ঠা হ'ল আৰু আজিও কৰতিপাৰৰ সমূহ ৰাইজৰ সহযোগত সত্ৰত মকৰ সংক্ৰান্তি উদযাপন কৰা হয় ।

গোটেই ৰাতিটো সত্ৰত ৰাইজে নাম কীৰ্তন কৰি পুৱা স্নান কৰি পবিত্ৰ মনেৰে সেৱা কৰি প্ৰসাদ গ্ৰহণ কৰা হয় । উল্লেখযোগ্য যে, এই সত্ৰৰ বিশেষত্ব হ’ল ফাকুৱা উৎসৱত ফাকু খেলা আৰু মকৰ সংক্ৰান্তি দিনা ঢ়েৰা ঘৰ সাজি ভোগালী বিহু উৎযাপন কৰাটো পৰম্পৰা । সেয়ে ঢ়েৰা ঘৰ সাজিবলৈ গাঁৱৰ সকলো শ্ৰেণীৰ লোকে আগৰ পৰাই প্ৰস্তুতি চলাই এই পবিত্ৰ অনুষ্ঠানটো অনুষ্ঠিত কৰে ।

অভয়াপুৰী: সমগ্ৰ বঙাইগাঁও জিলাতো অতি উলহ মালহৰে পালন কৰা হয় ভোগালী বিহু । জিলাখনৰ প্ৰান্তে-প্ৰান্তে দেখা গ’ল আটকধুনীয়া ভেলাঘৰ । অভয়াপুৰীৰ দেওহাটী কলিতাপাৰাৰ গঞাই নামনি অসমৰ পৰম্পৰা অনুযায়ী বিহুৰ দিনটোত সমূহীয়াকৈ ভোগালী বিহুৰ আয়োজন কৰে । এই শুভ ক্ষণত দেওহাটী কলিতাপাৰাৰ গঞাই অসমবাসীক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মেজিৰ জুয়ে সমাজত থকা অপায়-অমংগল, হিংসা-বিদ্বেষ নিপাত কৰি এক সুস্থিৰ বাতাবৰণৰ কামনা কৰে ।

লগতে পঢ়ক: People celebrating Bhogali Bihu : মাজুলীত মাঘৰ উৎসাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.