নিউজ ডেস্ক, 13 ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে কাশী বিশ্বনাথ ধাম প্ৰকল্পৰ প্ৰথমটো পৰ্যায় (PM Modi inaugurated Kashi Vishwanath Dham) উদ্বোধন কৰে ৷ সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰতিটো প্ৰান্তত আয়োজন কৰা হয় দিব্য কাশী ভব্য কাশী(Assam BJP celebrate inauguration of renovated Kashi Vishwanath Dham) শীৰ্ষক অনুষ্ঠানৰ । কাশী বিশ্বনাথ ধাম প্ৰাংগনত অনুষ্ঠিত দিব্য কাশী নব্য কাশী লোকাপৰ্ণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হোজাইতো অনুষ্ঠিত কৰা হয় দিব্য কাশী ভব্য কাশী অনুষ্ঠানৰ ।
বিজেপিৰ যোগীজান মণ্ডলৰ উদ্যোগত নভঙা মন্দিৰত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ৰামকৃষ্ণ ঘোষ । মা চামুণ্ডা কালী মন্দিৰত পূজা অৰ্চনা কৰাৰ অন্তত যোগীজান মণ্ডল সভাপতি পিণ্টু দাসৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । সভাত বিধায়ক ৰামকৃষ্ণ ঘোষে আজিৰ দিনটো ঐতিহাসিক দিন বুলি উল্লেখ কৰি কাশী ধাম সন্দৰ্ভত বহলাই ব্যাখ্যা কৰে । তেওঁ লগতে হোজাই সমষ্টিৰ প্ৰতিটো মঠ মন্দিৰ সমিতিক মন্দিৰৰ কাষত ভাৰত মাতাৰ মূৰ্তি স্থাপন কৰি পূজা কৰাৰো আহ্বান জনায় ।
নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণতো কাশী বিশ্বনাথ ধামৰ নব্য ভব্যৰূপ লোকৰ্পণৰ দৃশ্য টেলিভিছনৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰণ কৰা হয় । উক্ত অনুষ্ঠানত যোগ গুৰু অমৰ কলিতাই ভজন পৰিৱেশনেৰে ৰাইজক আপ্লুত কৰি তোলে । অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি লোকৰ্পণৰ পোনপটীয়া সম্প্ৰচাৰ উপভোগ কৰে ।
ডিব্ৰুগড় বিজেপি পূৱ মণ্ডলৰ উদ্যোগত নালিয়াপুলস্থিত অলক্ষীয়া গণেশ মন্দিৰত মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় দিব্য কাশী ভব্য কাশী অনুষ্ঠানৰ । অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত লোকৰ্পণৰ দৃশ্যৰ পোনপটীয়া সম্প্ৰচাৰৰ লগতে অন্যান্য আধ্যাত্মিক কার্যসূচীও অনুষ্ঠিত কৰা হয় ।
লগতে পঢ়ক : অসমতাে ৪০০ টা মণ্ডলত বিজেপিৰ ‘দিব্য কাশী-ভব্য কাশী’ অনুষ্ঠান