ETV Bharat / city

উদ্বেগজনক খবৰ: মুকালমুৱাত বৃদ্ধি HIV ৰোগীৰ সংখ্যা - Acquired Immune Deficiency Syndrome

মুকালমুৱাত চাঞ্চল্যকৰ ঘটনা । এটাৰ পাচত আনটো ড্ৰাগছ আসক্ত যুৱক এইডছ আই ভি(HIV) পজিটিভৰ ঘটনা পোহৰলৈ আহিছে । ইয়াক কেন্দ্ৰ কৰি সচেতন মহলত চলিছে ব্যাপক চৰ্চা ৷

hiv case increase at mukkalmua
মুকালমুৱাত বৃদ্ধি HIV ৰোগীৰ সংখ্যা
author img

By

Published : Aug 4, 2021, 12:11 PM IST

নলবাৰী,4 আগষ্ট: এক উদ্বেগজনক খবৰে কঁপাই তুলিছে নলবাৰী জিলাৰ মুকালমুৱা অঞ্চল ৷ শেহতীয়াকৈ ক’ভিডৰ সমান্তৰালকৈ জিলাখনত সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে HIV ৷ মুকালমুৱাত ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে এইডছ আই ভি পজিটিভ ৰোগীৰ সংখ্যা ৷ সমগ্ৰ ৰাজ্যৰ লগতে মুকালমুৱাতো আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ সময়তে পোহৰলৈ আহিছে এই তথ্য ।

অঞ্চলটোৰ 6জনকৈ ড্ৰাগছ আসক্ত যুৱকৰ শৰীৰত পোৱা গৈছে HIV পজিটিভ । জানিব পৰা মতে, আটাইকেইজন যুৱক গোপনভাৱে চিকিৎসাধীন হৈ আছে । শেহতীয়াকৈ আন এজন ড্ৰাগছ আসক্ত যুৱকো এইডছ আই ভি পজিটিভ আক্ৰান্ত বুলি জানিব দিছে মুকালমুৱা মহকুমা স্বাস্থ্য বিষয়াই ।

hiv case increase at mukkalmua
স্মাৰক পত্ৰ প্ৰেৰণ

লগতে পঢ়ক: চিৰাঙত গাঞ্জাসহ আটক তিনি ব্যৱসায়ী

যুৱক কেইগৰাকীয়ে চিৰিঞ্জৰ সহায়ত ড্ৰাগছ সেৱন কৰাৰ ফলতেই HIV ত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিছে চিকিৎসকে ।

hiv case increase at mukkalmua
HIV ৰোধৰ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰেৰণ

এই উদ্বেগজনক খবৰটোৱে এতিয়া চিন্তিত কৰি তুলিছে অঞ্চলটোৰ সচেতন মহলক । ইফালে অঞ্চলটোৰ কেইজনমান সচেতন যুৱকে মুকালমুৱা আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰতকৈও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷ ড্ৰাগছৰ সেৱনৰ ফলত হ’ব পৰা এইডছ আই ভি ৰোগ ৰোধৰ বাবে অঞ্চলটোত এইডছ বিৰোধী সজাগতা শিবিৰ অনুষ্ঠিত কৰিবলৈকো আহ্বান জনাইছে সচেতন মহলে ৷

লগতে পঢ়ক: আটক হ’ল বগা আৰু টেকেলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.