ETV Bharat / city

বলিয়া বানে তচনচ কৰি থৈ গ'ল আটোম-টোকাৰিকৈ সজা আপোন ঘৰখন - Floods destroyed their homes at Dharmapur

ক্ৰমাৎ উন্নত হৈছে ৰাজ্যৰ বান পৰিস্থিত (Flood situation in Assam) ৷ কিন্তু পানী কমিলেও কমা নাই বন্যাৰ্তৰ দুৰ্দশা । কিয়নো বলিয়া বানে তচনচ কৰি থৈ গ'ল আআটোম-টোকাৰিকৈ সজা আপোন ঘৰখন । সেয়ে চকুলো টুকি বানত সৰ্বস্বান্ত হোৱা ৰাইজে শিবিৰসমূহক স্বীকৃতি প্ৰদান কৰি পৰ্যাপ্ত খাদ্য, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য সেৱা প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনায় ।

flood-victims-crying-for-a-drop-of-drinking-water-in-flood-camp-at-Dharmapur
বলিয়া বানে তচনচ কৰি থৈ গ'ল আটোমটোকাৰীকৈ সজা আপোন ঘৰখন
author img

By

Published : Jun 25, 2022, 5:32 PM IST

নলবাৰী, ২৫ জুন: ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাই বানৰ কৱলত পৰিছে (Flood situation in Assam)। লাহে লাহে বান পৰিস্থিতি উন্নত হৈছে, যদিও ধৰ্মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২১ নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ গাঁও পঞ্চায়ত এলেকাৰ উত্তৰ আমনিৰ পূৰ্ণিৰ পামত এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে বান পৰিস্থিতি (Flood at Dharmapur) ৷

কিছুদিন পূৰ্বে কানাইখুন্দা নদীৰ মথাউৰী হঠাতে ভাঙি যোৱাৰ সময়ত কোনোমতে নিজৰ প্ৰাণটো হাতৰ মুঠিত লৈ ওখ ঠাইলৈ ঢাপলি মেলিছিল এইসকল নৈপৰীয়া ৰাইজে । ফলত মথাউৰিৰ ওপৰতে টিৰপাল টানি আশ্ৰয় লোৱাৰ লগতে, এতিয়া মুকলি আকাশৰ তলতে ৰান্ধিছে খাদ্য। সম্প্ৰতি এটুপি পানীৰ বাবে হাহাকৰ লাগিছে এই সকল বানগ্ৰস্ত লোকৰ মাজত (Flood victims crying for a drop of water and some foods in flood camp) ৷

বলিয়া বানে তচনচ কৰি থৈ গ'ল আটোমটোকাৰীকৈ সজা আপোন ঘৰখন

স্থানীয় ৰাইজে তেওঁলোকৰ খবৰ ল'বলৈ এই পৰ্যন্ত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, চামতা জিলা পৰিষদৰ সদস্য মিনাক্ষী দাস তথা স্থানীয় পঞ্চায়ত সভাপতি বিকাশ বৰ্মনও উপস্থিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে । লগতে প্ৰশাসনৰ ফালৰ পৰা এসাঁজৰ বাবে সামান্য খাদ্য সামগ্ৰী যোগান ধৰিয়েই দায়িত্ব সামৰা বুলিও ভূক্তভোগী লোকসকলে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৷

ইয়াৰ বাহিৰে এতিয়ালৈ তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই বুলিও উল্লেখ কৰে বন্যাৰ্তই । চৰকাৰৰ তৰফৰ পৰা দমকল পুতি দিয়া হৈছে যদিও দমকলৰ পৰা ঘোলা পানী ওলোৱা বাবে বিশুদ্ধ খোৱা পানীৰ অভাৱত পৰিছে শিবিৰবাসী । এই বানাক্ৰান্ত ৰাইজে অতিশীঘ্ৰে শিবিৰসমূহক স্বীকৃতি প্ৰদান কৰি পৰ্যাপ্ত খাদ্য, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য সেৱা প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: Flood situation in Assam: ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত বন্যাৰ্তৰ হাহাকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.