ETV Bharat / city

মুকালমোৱাত আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সহবৰাহকাৰী

author img

By

Published : Jun 25, 2021, 11:44 AM IST

এইবাৰ আৰক্ষীৰ জালত মহিলা ড্ৰাগছ সৰবৰাহকাৰী ৷ মুকালমোৱা আৰক্ষীৰ অভিযানত জব্দ প্ৰায় 30 গ্ৰাম ড্ৰাগছসহ ৰবিজান বিবি নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী ৷ মহিলগৰাকীৰ লগতে চাদ্দাম হুছেইন নামৰ মহিলাগৰাকীৰ সহযোগী সৰবৰাহকাৰীকো আটক ৷

Drugs With One Lady Arrested By Police At Mukalmua Nalbari District
মুকালমুৱাত আৰক্ষীৰ জালত মহিলা সহ দুজন ড্ৰাগছ সৰবৰাহকাৰী

নলবাৰী, 25 জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা ড্ৰাগছবিৰোধী অভিযানত প্ৰায় প্ৰতিদিনে বহু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ মাজতে মুকালমোৱা আৰক্ষীৰ অভিযানত এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক হৈছে ৷ মুকালমোৱা আৰক্ষীয়ে চলোৱা অভিযানত ৰবিজান বিবি নামৰ এজনী মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে মহিলাগৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই অহা অন্য এজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে ৷

মুকালমুৱাত আৰক্ষীৰ জালত মহিলা -ড্ৰাগছ সৰবৰাহকাৰী

অভিযোগ অনুসৰি, ধৃত ৰবিজান বিবি নামৰ মহিলা গৰাকীৰ সহযোগত দীৰ্ঘদিন ধৰি মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল ড্ৰাগছ সৰবৰাহকাৰী চাদ্দাম হুছেইনে ৷ ধৃত ৰবিজান বিবি আৰু চাদ্দাম হুছেইনৰ পৰা আৰক্ষীয়ে কেইবাটাও ড্ৰাগছ কন্টেইনাৰত ৩০ গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ জানিব পৰা মতে, ধৃত মহিলাগৰাকীৰ ঘৰ মুকালমুৱা থানাৰ অন্তৰ্গত লোহাৰকাঠাত আৰু চাদ্দাম হুছেইনৰ ঘৰ শনি ৰোডত ৷

সম্প্ৰতি অধিক তথ্য়ৰ বাবে ধৃত সৰবৰাহকাৰী দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, আৰক্ষীয়ে 8 জুনৰ নিশা অভিযান চলাই নিচাযুক্ত দ্ৰব্যসহ 6 জনকৈ লোকক আটক কৰিছিল ৷ মুকালমোৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বাকৰিকুছিৰ পৰা উক্ত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰা হৈছিল ৷

MH-04-Y-3169 নম্বৰৰ মহাৰাষ্ট্ৰৰ পঞ্জীয়ন থকা এখন মাৰুতি বাহনত তালাচী চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ, চিৰিঞ্জ আদি জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক আটক কৰিছিল আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে- আক্ৰাম আলী, জাহাংগীৰ আলম, চাদ্দাম আলী, খাইৰুল ইছলাম, জেহেৰুল পাছা আৰু লাকি আলী ।

উল্লেখ্য যে, অসমৰ পৰা সম্পূৰ্ণৰূপে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে অসম আৰক্ষী (Assam Police) হৈ পৰিছে ৷ শেহতীয়াভাৱে গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধমূলক ঘটনা তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰে জিলা আৰক্ষী তথা প্ৰশাসন ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈছে অসম আৰক্ষী ৷ প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে বহু সৰবৰাহকাৰী ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷

লগতে পঢ়ক-চামগুৰি আৰক্ষীৰ জালত Munna Bhai MBBS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.