ETV Bharat / city

নগাঁৱত আৰক্ষীৰ জালত ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী - আৰক্ষী

নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই ইতিমধ্যে এজনী মহিলাৰ লগতে আন এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে ধৃত সৰবৰাহকাৰী কেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Drugs With 2 Persons Arrested By Police At Nagaon
নগাঁৱত আৰক্ষীৰ জালত ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী
author img

By

Published : Jun 28, 2020, 7:56 PM IST

নগাঁও, 28 জুনঃ নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ৷ আৰক্ষীৰ এই অভিযানত ইতিমধ্যে এগৰাকী মহিলাৰ লগতে আন এজন সৰবৰাহকাৰীক আটক কৰে ৷

নগাঁৱত আৰক্ষীৰ জালত ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী

নগাঁৱত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ইতিমধ্যে নগাঁৱত ড্ৰাগছ সৰবৰাহৰ আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে ৷ নগাঁৱৰ খ্ৰীষ্টিয়ানপট্টিৰ আৰ কে ৰোডত দেওবাৰে নগাঁও নগৰ শাখাৰ আৰক্ষী উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ উক্ত আৰক্ষীৰ অভিযানত এজনী মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে আন এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী মহিলা জনীৰ নাম খুশ্বু আৰু আনজন আনজান হুছেইন ওৰফে ৰঞ্জিত ৷ দুই সৰবৰাহকাৰীৰ পৰা নিচাজাতীয় ঔষধ, ড্ৰাগছ সেৱনত ব্যৱহাৰ কৰা চিৰিঞ্জৰ লগতে নগদ ধনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- ধন লুটিবলৈ আহি নগাঁও আৰক্ষীৰ জালত এ টি এম চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.