নলবাৰী,10অক্টোবৰ : কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষক বিৰোধী আইন বাতিলৰ দাবীত শনিবাৰে ৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷
কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা কৃষক বিৰোধী আইন বাতিলৰ দাবীত কংগ্ৰেছৰ সদস্য সকলে প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰে৷ উক্ত প্ৰতিবাদী কাৰ্যসুচীত উপস্থিত থাকে নলবাৰী জিলা ইয়ং ব্ৰিগেদৰ আই টি চেলৰ সভাপতি ডা° নীলকমল ভুঞাৰ লগতে ধৰ্মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি বিকুল তালুকদাৰ । আৰু কাৰ্যসুচীত অংশ লৈ নীলকমল ভুঞাই কয় যে বিজেপি চৰকাৰৰ এই কৃষক বিৰোধী আইন কংগ্ৰেছে কেতিয়াও মানি নলয়৷ কংগ্ৰেছ দলে ইয়াৰ বিৰুদ্ধে সৰব প্ৰতিবাদ কৰি যাব৷ তাৰোপৰি অসমত বিজেপি চৰকাৰে আগন্তুক দিনত চৰকাৰ কৰাৰ বিপৰীতে কংগ্ৰেছ দলেহে অসমত চৰকাৰ গঠন কৰিব ৷