নলবাৰী, 23 মে' : সাম্প্ৰতিক সময়ত সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাতো মহামাৰী কৰ’ণাৰ আতংকই বিৰাজ কৰিছে ৷ এফালে আংশিক লকডাউন আৰু সান্ধ্য় আইন আনফালে কৰ’ণাৰ আতংকময় পৰিৱেশ ৷ এই সময়ছোৱাতে নলবাৰী জিলাবাসীক অলপ হলেও সকাহ দিবলৈ আগবাঢ়ি আহিছে বিজেপিৰ মৎস্যজীৱি কোষ ৷
ক’ভিড মহামাৰীৰ বিৰুদ্ধে যুজঁ দিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা মৎস্যজীৱি কোষৰ উদ্যোগত দেওবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ।
মৎস্যজীৱি কোষৰ জিলা আহ্বায়ক জিতু বৰ্মনৰ নেতৃত্বত প্ৰায় কুৰি জনতকৈও অধিক বিজেপি কৰ্মীয়ে ৰক্তদান শিবিৰত অংশগ্ৰহণ কৰি ৰক্তদান কৰে ৷ বিজেপি কৰ্মীসকলৰ এনে প্ৰশংসনীয় পদক্ষেপে ৰাইজৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷
লগতে পঢ়ক : য়াছৰ বাবে অসমৰ ১২ খনকৈ ৰে’লৰ চলাচল বাতিল