ETV Bharat / city

অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীত ২৪ ঘন্টীয়া অনশন কৃষক মুক্তিৰ - অনশন

অখিল গগৈৰ মুক্তিৰ দাবীত আজি নলবাৰীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে । অতি শীঘ্ৰে যদি নেতা জনক মুক্তি নিদিয়ে, তেনেহ'লে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

As_nlb_02_7Dec_KMSS_Fasting_img_as10004
অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীত ২৪ ঘন্টীয়া অনশন কৃষক মুক্তিৰ
author img

By

Published : Dec 7, 2020, 6:19 PM IST

নলবাৰী, 7 ডিচেম্বৰঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি নলবাৰীৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখত আজিৰে পৰা ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ সদস্য সকলে ৷

কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰ মুলক ভাৱে এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি চৰকাৰে দীৰ্ঘ দিন ধৰি জেলত ভৰাই ৰাখিছে ৷ কৃষক নেতা জনক মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ সমান্তৰালকৈ কৃষক নেতা গৰাকীক মুক্তিৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ সদস্য সকলেও চহৰখনৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখত আজিৰে পৰা ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰুপায়ন কৰে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ৰৌফ আলী, সম্পাদক দ্বীপেন কলিতাৰ নেতৃত্বত ভালেসংখ্যক নেতা কৰ্মী আৰু স্থানীয় ৰাইজে এই অনশনত অংশ গ্ৰহণ কৰে । লগতে "কা"আন্দোলনৰ অন্যতম নেতা গৰাকীক যোৱা এবছৰ ধৰি চৰকাৰে জেলত আবদ্ধ কৰি ৰাখি শাৰিৰীক মানসিক নিৰ্যাতন চলোৱাতে ক্ষান্ত নাথাকি কৃষক মুক্তি সংগ্ৰাম সমিতি খনক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ।

বিজেপি চৰকাৰে অখিল গগৈক জেলত ভৰাই ৰাখি অভিষ্ট সিদ্ধিৰ কথা ভাবিলে সেয়া বিষম হ'ব বুলি মন্তব্য কৰাৰ লগতে অখিল গগৈৰ ভয়ত এতিয়া বিজেপি চৰকাৰ খন ত্ৰষ্টমান হোৱা বুলি মন্তব্য কৰে কৃষক মুক্তিৰ নেতা সকলে । অতি শীঘ্ৰেই যদি অখিল গগৈক মুক্তি নিদিয়ে তেনেহ'লে অনাগত দিনত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়ক-কাছাৰত আটক তিনি ৰহিংগীয়া যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.