ETV Bharat / city

নলবাৰীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

নলবাৰী জিলাত আবকাৰী বিভাগৰ অভিযান ৷ জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ ধৃত ট্ৰাকখন অৰুণাচলৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ থকা বুলি জানিবলৈ দিয়ে চালকজনে ৷

author img

By

Published : Jun 13, 2021, 10:28 PM IST

arunachali Wine Sized in nalbari excise department
নলবাৰীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

নলবাৰী, 13 জুন : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ, অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান চলি থকাৰ মাজতে দেওবাৰে নলবাৰীৰ গনেশ মন্দিৰ চ’কত আবকাৰী বিভাগৰ অভিযানত জব্দ হ'ল বৃহৎ পৰিমাণৰ সুৰা । UP-77AN-4146 নম্বৰৰ ট্ৰাক এখনত লৈ আহিছিল সুৰা খিনি ৷

ট্ৰাকখনৰ সন্মুখৰ ভাগত ক'ভিড- 19 ৰ ডিউটি লিখা এখন বেনাৰ আঁৰি এই দৰে অৰুণাচলী সুৰা সৰবৰাহ কৰি আছিল ৷ নলবাৰী আবকাৰী এক গোপন সূত্ৰৰ পম খেদি গাড়ীসহ দুজনক আটক কৰিবলৈ সক্ষম হয় ৷

নলবাৰীত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

সুৰা ভৰ্তি ট্ৰাকখন অৰুণাচল প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ আছিল বুলি গাড়ী ধৃত চালকজনে জানিবলৈ দিয়ে ৷ আবকাৰী বিভাগৰ চোৰাংচোৱাৰ এক খবৰৰ ভিত্তিত অভিযানটো সফল কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগটোৱে ৷

লগতে পঢ়ক : তিতাবৰত সাংবাদিকৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.