নলবাৰী,হাজো 29 অক্টোবৰ : নলবাৰী-কামৰূপ গ্ৰাম্য জিলাৰ সীমান্তৱৰ্তী চৰাবড়ীত মঙলবাৰে পুৱাই বায়ু সেনাৰ এখন হেলিকপ্টাৰৰ জৰুৰী অৱতৰণ কৰা হয় ৷ পাইলটসহ তিনিজন কৰ্মী থকা হেলিকপ্টাৰখনৰ ইঞ্জিন বিকল হোৱাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰা হয় এখন পথাৰত ৷
ঘটনাৰ পাচতে আন এখন হেলিকপ্টাৰ উপস্থিত হৈ বিকল হেলিকপ্টাৰখনৰ মেৰামতি কৰে। ইফালে এই ঘটনা সন্দৰ্ভত সাংবাদিকক সবিশেষ তথ্য প্ৰদানৰ পৰা বিৰত থাকে হেলিকপ্টাৰৰ পাইলটসহ কৰ্মীসকল।