নলবাৰী, 8 জুন : ৰাজ্যজুৰি ক’ভিড(COVID-19)ৰ সংক্ৰমণৰ সংখ্যা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও মঙলবাৰৰ দিনটোত নলবাৰী জিলাত 49 গৰাকীকৈ লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে ৷ মঙলবাৰৰ দিনটোলৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল 5671 গৰাকী ।
মঙলবাৰৰ দিনটোত জিলাখনত 51 গৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে বৰ্তমানেও জিলাখনত 1051 গৰাকী লোক আক্ৰান্ত অৱস্থাত আছে ৷ জিলাখনত হোম আইচ'লেচনত আছে 878 গৰাকী ৷ ইয়াৰ ভিতৰত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 94 গৰাকী, বেলশৰ মডেল হাস্পতালত 10 গৰাকী, মাখিবাহা আদৰ্শ হাস্পতালত 7 গৰাকী, মহাত্মা গান্ধী মডেল হাস্পতাল খাটিকুছিত 11 গৰাকী, নলবাৰী সাৰথি হাস্পতালত 9 গৰাকী আৰু আদাবাৰী মডেল হাস্পতালত 6 গৰাকী ক’ভিড ৰোগী চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে ৷
মঙলবাৰৰ দিনটোত জিলাখনৰ কেইবাখনো চিকিৎসালয় আৰু ক’ভিদ পৰীক্ষা কেন্দ্ৰত 1839 ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন হোৱাৰ লগতে 77 টা আৰটিপিছিআৰ(RTPCR) টেষ্ট কৰা হয় ।
লগতে পঢ়ক : সুলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ