নলবাৰী, 8 মে' : ক’ভিডৰ দ্বিতীয় ঢৌ’ত নলবাৰী জিলাত মুঠ আক্ৰান্তৰ সংখ্যা 2172 গৰাকীলৈ বৃদ্ধি পাইছে ৷ শনিবাৰৰ দিনটোত আক্ৰান্ত সংখ্যা হ’ল 190 গৰাকী ব্যক্তি । বৰ্তমানো জিলাখনত আক্ৰান্ত হৈ আছে 1553 গৰাকীকৈ ব্যক্তি ৷ ইফালে জিলাখনত হোম আইচলেচনত বৰ্তমানেও আছে 1371 গৰাকীকৈ ৰোগী ।
নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 88 গৰাকী, বেলশৰ ম’ডেল হাস্পতালত 40 গৰাকী, মাখিবাহা আদৰ্শ হাস্পতালত 26 গৰাকীকৈ ক’ভিড ৰোগীয়ে চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে নলবাৰী জিলা স্বাস্থ্য বিভাগে ৷
লগতে পঢ়ক : আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত স্কুটী আৰোহী