কলিয়াবৰ, 26 মে': কলিয়াবৰ মহকুমাৰ হাতীমূৰাৰ টেঙাবাৰীৰ ব্ৰহ্মপুত্ৰৰ কাষত দেওবাৰে উদ্ধাৰ হ'ল এটা বনৰীয়া দতাঁল হাতীৰ মৃতদেহ৷ প্ৰায় তিনিবছৰ ধৰি অঞ্চলটোত থিতাপি লৈছিল বনৰীয়া হাতীটোৱে । শিলঘাট, হাতীমূৰা অঞ্চলত কাৰো ক্ষতি নকৰাকৈয়ে স্থানীয় বাসিন্দাৰ সৈতে সহাৱস্থান কৰি আহিছিল হাতীটোৱে ৷ দেওবাৰে পুৱাও অসুস্থ হাতীটো বিচৰণ কৰি থকা দেখা গৈছিল অঞ্চলটোত । চিকিৎসা কৰা স্বত্বেও দিনক-দিনে স্বাস্থ্যৰ অৱনতি ঘটিছিল অসুস্থ হাতীটোৰ ৷
জনাঞ্চলত সঘনে বিচৰণ কৰি থকা হাতীটোৰ চিকিৎসাৰ বাবে দেওবাৰে কাজিৰঙাৰ পৰা চিকিৎসকৰ এটা দল আহিছিল যদিও চিকিৎসাৰ পূৰ্বেই মৃত্যু হয় হাতীটোৰ । মৰণোত্তৰ পৰীক্ষাৰ অন্তত হাতীটো সমাধিস্থ কৰে বন বিভাগে ।