ETV Bharat / city

চামগুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ - man elephant conflict

চামগুৰিৰ শিঙীয়া গাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ ৷ বন্যহস্তীৰ উপদ্ৰৱৰ বাবে উজাগৰী নিশা কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে । শীঘ্ৰে হাতীকেইটা খেদি পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ৰাইজে ৷

Elepehant Terror At Samguri, Nagaon District
চামগুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ
author img

By

Published : Jul 27, 2021, 1:55 PM IST

চামগুৰি, 27 জুলাই : ৰাজ্যত ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত (man elephant conflict) ৷ সমান্তৰালকৈ নগাঁও জিলাতো দেখিবলৈ পোৱা গৈছে বন্যহস্তীৰ উপদ্ৰৱ ৷ একেদৰে জিলাখনৰ চামগুৰিৰ শিঙীয়া গাঁৱতো বন্যহস্তীৰ মুক্ত বিচৰণক কেন্দ্ৰ কৰি আতংকিত হৈছে গাঁওবাসী। বন্যহস্তীৰ বাবে নিশা উজাগৰে কটাবলৈ বাধ্য হৈছে শিঙিয়া ভকতগাঁৱৰ ৰাইজে ।

চামগুৰিত বন্যহস্তীৰ মুক্ত বিচৰণ

উল্লেখ্য যে, দীৰ্ঘ দিনধৰি বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে তিনিটাকৈ বনৰীয়াহাতীয়ে ৷ হাতীকেইটাই অঞ্চলটোৰ বহুলোকৰ ঘৰ-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাই নহয় খাই তহিলং কৰিছে সাঁচি ৰখা ভঁৰালৰ ধান ৷ তাৰোপৰি হাতীৰ উপদ্ৰৱৰ বাবে খেতি মাটি সকলো চন পৰিছে গাঁও খনৰ খেতিয়ক সকলৰ । দিনৰ ভাগত মুক্ত বিচৰণ কৰি নিশাৰভাগত জনাঞ্চলত উপদ্ৰৱ চলায় বন্যহস্তী কেইটাই ।

ইফালে গজৰাজৰ জনাঞ্চলত মুক্ত বিচৰণ কৰি থকাৰ দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দি হৈছে । ইয়াৰ পূৰ্বে বন্যহস্তী কেইটাই দীৰ্ঘ দিন ধৰি পদুমণি ভড়াগুৰি, পাম গাঁও, ডিলিকাবস্তী, গেন্ধালিকে ধৰি বিভিন্ন ঠাইত উপদ্ৰপ চলাইছিল বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ সেই অঞ্চলসমূহৰ পৰা আহি হাতীকেইটা এতিয়া শিঙীয়াৰ জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰিছে বুলি স্থানীয় লোকে সদৰি কৰে।

লগতে পঢ়ক-গোলাঘাটত বন্যহস্তীৰ গচকত এজনৰ মৃত্যু

মঙলবাৰেও দিনৰ ভাগতে শিঙিয়া অঞ্চলৰ জনৈক গগৈৰ নামৰ লোকজনৰ বাৰীত অৱস্থান গ্ৰহন কৰিছে বন্যহস্তীকেইটাই ৷ নিশাৰ ভাগত বন্যহস্তীৰ জাকটোৱে উপদ্ৰৱ চলাব বুলি শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ শীঘ্ৰেই উক্ত স্থানৰ পৰা হাতীকেইটা খেদি পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক আহ্বান জনাইছে স্থানীয় লোক সকলে ৷

গোলাঘাট জিলাৰ মৰঙীত দেওবাৰে সন্ধিয়া বন্যহস্তীৰ গচকত এজন যুৱকে কৰুণ মৃত্যুক আঁকোৱালি লয় ৷ গোলাঘাট জিলাৰ মৰঙী চাহ বাগিচাৰ পৰা ঘৰমুৱা হোৱা শ্ৰমিকসকল মুখামুখি হয় এটা বন্যহস্তীৰ জাকৰ সৈতে । বন্যহস্তী জাকটো দেখি শ্ৰমিকসকলে হুলস্থুল কৰি হাতীৰ জাকটো খেদাৰ চেষ্টা কৰে ৷ কিন্তু শ্ৰমিকসকলৰ হৈ-চৈৰ মাজতেই বন্যহস্তী জাকটো মাজৰে পৰা এটা হাতীয়ে শ্ৰমিকসকলক খেদি যায় ৷

হাতীটোৱে শ্ৰমিকসকললৈ লক্ষ্য কৰি চোঁচা লোৱাত শ্ৰমিকসকলে পলায়ন কৰি প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে ৷ কিন্তু পলায়নৰ চেষ্টা কৰা সময়তে এজন শ্ৰমিক পথৰ মাজত বাগৰি পৰে ৷ শ্ৰমিকসকললৈ লক্ষ্য কৰি খেদি যোৱা হাতীটোৱে শ্ৰমিকজনক আক্ৰমণ কৰে ৷ ফলত হাতীৰ গচকত থিতাতে নিহত হয় শ্ৰমিকজন ৷

লগতে পঢ়ক-চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.