চামগুৰি, 29 ডিচেম্বৰ : বটদ্ৰৱা পশু চিকিৎসালয়ৰ জৰাজীৰ্ণ অৱস্থা । গুৰুজনাৰ জন্মস্থানৰ নিচেই কাষত থকা বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ প্ৰায় দশ সহস্ৰাধিক কৃষকৰ পশুধনৰ চিকিৎসাৰ একমাত্ৰ স্থল বটদ্ৰৱা পশু চিকিৎসালয় কেন্দ্ৰ ৷ একমাত্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱত জহি খহি গৈছে চিকিৎসকৰ আবাসৰ লগতে মূল চিকিৎসা গৃহ ।
চিকিৎসক প্ৰায়েই উপস্থিত নথকাত সহায়কেহে চলাবলগীয়া হয় চিকিৎসা কেন্দ্ৰটো ৷ এই অভিযোগ সকলোৰে মুখে মুখে । এই পশু চিকিৎসালয়খনৰ নামত আছে মুঠ ১৩ বিঘা ভূমি ৷ কিন্তু আজিলৈকে চৰকাৰে নিৰ্মাণ কৰা নাই কোনো বাউণ্ডেৰী ৱাল । যাৰ ফলত জৰাজীৰ্ণ হৈ পৰা আৱাস গৃহ সমূহত দুষ্ট চক্ৰই নিশাৰ ভাগত ড্ৰাগছ, জুৱাৰ দৰে অসামাজিক কৰ্য্য চলাই নিয়াৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিত থকা এইখন পশু চিকিৎসালয় সোনকালেই ৰাইজৰ বাবে উপলব্ধ কৰি ইয়াক পুনৰনিৰ্মাণ তথা চিকিৎসক নিযুক্ত কৰিবলৈ ৰাইজে আহ্বান জনাইচে ৷
লগতে পঢ়ক : ক্ষতিপূৰণ বিচাৰি বকোত আলু খেতিয়কৰ প্ৰতিবাদ