ETV Bharat / city

গোণা ম’হৰ যুঁজত কঁপিল নগাঁও আৰু মৰিগাঁৱৰ ম’হ যুঁজথলী - ৰহাৰ দেওবালি, আঁহতগুৰি, মৰিগাঁৱৰ বৈদ্যবড়ীৰ পথাৰ

পৰম্পৰা ৰক্ষা কৰি পহিলা মাঘত মধ্য অসমত অনুষ্ঠিত হ’ল ম’হ যুঁজ ৷ গোণা ম’হৰ যুঁজত কঁপিল নগাঁও আৰু মৰিগাঁৱৰ ম’হ যুঁজথলী ৷

নগাঁও আৰু মৰিগাঁৱৰ ম’হ যুঁজথলী
নগাঁও আৰু মৰিগাঁৱৰ ম’হ যুঁজথলী
author img

By

Published : Jan 15, 2021, 10:55 PM IST

মৰিগাঁও/নগাঁও, 15 জানুৱাৰী : পৰম্পৰা ৰক্ষা কৰি পহিলা মাঘত মধ্য অসমত অনুষ্ঠিত হ’ল ম’হ যুঁজ ৷ গোণা ম’হৰ যুঁজত কঁপিল নগাঁও আৰু মৰিগাঁৱৰ ম’হ যুঁজথলী ৷ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাক সন্মান জনাই অনানুষ্ঠানিকভাৱে ম’হ গুৱালসকলে অনুষ্ঠিত কৰিলে ম’হ যুঁজ ৷

মধ্য অসমত অনুষ্ঠিত হ’ল ম’হ যুঁজ
মধ্য অসমত অনুষ্ঠিত হ’ল ম’হ যুঁজ

ৰহাৰ দেওবালি, আঁহতগুৰি, মৰিগাঁৱৰ বৈদ্যবড়ীৰ পথাৰত যুঁজিলে 50 হালৰো অধিক গোণা ম’হে ৷ এফালে গোণা ম’হৰ তয়া-ময়া ৰণ, আনফালে ম’হ যুঁজ উপভোগ কৰিবলৈ পাই ৰাইজৰ উছাহ ৷ ঢোল-পেঁপা আৰু বেণ্ড পাৰ্টিৰ শব্দত ৰজন জনাই উঠিল ম’হ যুঁজ থলীসমূহ ৷ ম’হ গুৱালৰ লগতে ডেকা-বুঢ়া সকলোৰে মনত দেখা গ'ল ব্যাপক উছাহ ৷

মধ্য অসমত অনুষ্ঠিত হ’ল ম’হ যুঁজ
মধ্য অসমত অনুষ্ঠিত হ’ল ম’হ যুঁজ

গুৱালসকলে জানিবলৈ দিয়া মতে, মাঘ মাহত ম’হৰ গৰল বান্ধে আৰু শিঙত এবিধ পোক হয় ৷ যাৰ বাবে যুঁজিবলৈ উত্ৰাৱল হৈ থাকে ম’হবোৰ ৷ মাঘত ম’হ যুঁজাই কিছু ৰক্ত ক্ষৰণ নকৰালে গুৱালৰ বাবেও ম’হবোৰ বিপজ্জনক হ’ব পাৰে ৷ সেয়ে ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পাচতো ম’হ যুঁজাবলৈ বদ্ধপৰিকৰ গুৱালসকল ৷

ভোগালী বিহুত মধ্য অসমত ম'হ যুঁজে বিশেষভাৱে সকলো লোককে আকৰ্ষিত কৰি আহিছে । এইয়া এক ৰজা দিনীয়া পৰম্পৰা ৷

লগতে পঢ়ক : ৱাঘা সীমান্তৰ দৰে অসম-বাংলাদেশ সীমান্তত চলিব পেৰেড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.