নিউজ ডেস্ক, 23 ডিচেম্বৰ : বিবাহ বিচ্ছেদ ! আজিৰ তাৰিখত বিবাহ বিচ্ছেদ তেনেই সাধাৰণ ঘটনালৈ পৰিণত হৈছে ৷ স্বামী-স্ত্ৰীৰ মাজত ঘটা মনোমালিন্য বা আন বহু কাৰণত সাত জনমলৈ একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে বান্ধখোৱা সম্পৰ্কৰ এনাজৰীডাল ছিঙি পেলাই বহুতেই ৷ ওচৰ-চুবুৰীয়াৰ বাহিৰে এইবোৰ ঘটনাক লৈ বেলেগ বৰ বেছি মূৰ নঘমায় ৷ অৱশ্যে আমিৰ খান, হনী সিং, শেখৰ ধৱন, মালাইকা আৰোৰা আদিৰ কথা বেলেগ ৷ তেওঁলোকৰ ডিভোৰ্চৰ পাচৰ দিনপঞ্জীলৈকে সকলোৱে চৰ্চা কৰে ৷
কিন্তু যেতিয়া 70 বছৰীয়া এগৰাকী আইতাই বিবাহ বিচ্ছেদ বিচাৰে, তেতিয়া বাৰু চৰ্চা নহৈ পাৰে নে (Septuagenarian woman appeals for divorce in Assam) ৷ আচৰিত নহ’ব এয়া হৈছেই ৷ অসমতে হৈছে এই ঘটনা ৷ নগাঁও জিলাৰ পাথৰিৰ এগৰাকী আইতা এইবাৰ আদালতৰ কাষ চাপিল স্বামীৰ বিৰুদ্ধে ডিভোৰ্চ বিচাৰি (Women in Nagaon court demands divorce) ৷
আইতাৰ নাম পুষ্পলতা বৰুৱা ৷ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা তেওঁৰ স্বামীৰ নাম হৈছে ভৱকান্ত বৰা ৷ 50 বছৰ একেলগে সংসাৰ কৰিলে দুয়োৱে ৷ ল’ৰাই বিয়া পাতিলে, ছোৱালীও বিয়া দিলে ৷ সংসাৰখন ঠিকেই চলি আছিল ৷ কিন্তু শেষ বতৰতহে লাগিল কেণা ৷
জানিব পৰা মতে, পুত্ৰৰ অকাল বিয়োগৰ পাচত বোৱাৰী-নাতিৰ সৈতেই তেওঁলোক আছিল ৷ কিন্তু ককাৰ বুঢ়া বয়সত লৰিল পৰকিতি ৷ আইতাৰ ওপৰত চলাবলৈ ল’লে অত্যাচাৰ ৷ শাৰীৰিকভাৱে অসুস্থ আইতাই বৃদ্ধ বয়সত স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি থাকিবলৈ ল’লে এখন বৃদ্ধাশ্ৰমত ৷
আইতাৰ অভিযোগ মতে, সকলো মাটি-সম্পত্তি ইতিমধ্যে বোৱাৰীয়েকৰ নামত লিখি দিছে ককাই ৷ ইফালে তেওঁৰ ওপৰত চলাবলৈ ল’লে অত্যাচাৰ ৷ সেয়ে আইতা জীয়াৰীৰ সৈতে আহি কাষ চাপিল আদালতৰ ডিভোৰ্চ বিচাৰি ৷ এনেদৰে বৃদ্ধ বয়সত ডিভোৰ্চ বিচাৰি অহা কাৰ্যত আচৰিত হৈ পৰিছে সকলো ৷ আইতাই ডিভোৰ্চ পাব নে ? এই ঘটনাৰ আঁৰত কোনো সম্পত্তিকেন্দ্ৰিক আক্ৰোশ আছে নেকি ? সকলো নিশ্চিত হ’ব আদালততহে ৷
লগতে পঢ়ক : Extortion case in Hamren : দাবী কৰা ধন নিবলৈ আহি ৰঙাঘৰৰ আলহী যুৱক