চামগুৰি,10 এপ্ৰিল: নগাঁৱৰ আউনীআটিস্থিত এজন লোকৰ ঘৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত ৷ এই অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ লোকৰ লগতে দুটিকৈ শিশুৰ ৷ ফণিধৰ শইকীয়া নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷
বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডটোৰ সূত্ৰপাত ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘৰত নাছিল গৃহস্থ ৷ তাৎক্ষণিকভাৱে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, কংগ্ৰেছী নেতা সুৰেশ বৰাই ফণিধৰ শইকীয়াৰ পৰিয়াললৈ পাঁচ হাজাৰ টকাৰ তাৎক্ষণিক আৰ্থিক সাহায্য প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: শংখধ্বনি মহিলা সমাজে সামৰিলে বিহুৰ আখৰা