ETV Bharat / city

জেহাদীৰ সন্দেহত আটক হোৱা ইক্ৰমূলৰ ভাড়াঘৰত উত্তেজনা - জেহাদীৰ প্ৰশিক্ষণ

জেহাদীৰ সন্দেহত আটক হোৱা ইক্ৰমূলৰ ভাড়াঘৰত উত্তেজনাৰ সৃষ্টি (Ikramul Hussain arrested suspect as ABT) ৷ তথ্য সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক বাধা একাংশ মহিলাৰ ৷

suspected jihadi Ikramul Hussein
suspected jihadi Ikramul Hussein
author img

By

Published : Sep 12, 2022, 3:05 PM IST

Updated : Sep 12, 2022, 5:17 PM IST

নগাঁও, 12 ছেপ্টেম্বৰ: জেহাদীৰ সন্দেহত আটক হোৱা ইক্ৰমূলৰ ভাড়াঘৰৰ ফুটেজ ল’বলৈ যোৱা সাংবাদিকক বাধা ৷ নগাঁৱৰ টকৌবাৰীত ভাৰাতীয়া হিচাপে আছিল জেহাদীৰ সন্দেহত আটক হোৱা ইক্ৰামূল হুছেইন ৷ গৰৈমাৰী মছজিদৰ ইমাম আছিল ইক্ৰামূল (Ikramul Hussain arrested suspect as ABT) ৷ টকৌবাৰীৰ চান মিঞা নামৰ লোকজনৰ ঘৰত ভাড়াত আছিল ইক্ৰামূল ৷ ইক্ৰামূলৰ প্ৰকৃত ঠিকনা বটদ্ৰৱাৰ চমকাত ৷ তথ্য সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক বাধা একাংশ মহিলাৰ ৷ যোৱা নিশা মৰিগাঁও আৰক্ষীয়ে আটক কৰিছিল ইক্ৰামূলক ৷

যোৱা নিশা মৰিগাঁও আৰক্ষীয়ে মৈৰাবাৰীৰ চহৰীয়াপাৰাৰ মুচাদ্দিক হুছেইনৰ লগতে আটক কৰিছিল ইক্ৰামূলক ৷ আৰক্ষীয়ে দুয়োৰে পৰা জব্দ কৰিছে কেতবোৰ আপত্তিজনক নথি-পত্ৰ ৷ আৰক্ষীৰ জেৰাত দুই জেহাদীয়ে দিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য ৷ পূৰ্বে গ্ৰেপ্তাৰ হোৱা জেহাদী সদস্য মুফটি মুস্তাফাই দিয়া তথ্যৰ ভিত্তিত আৰক্ষীয়ে নতুনকৈ এই দুই জেহাদী সদস্যক গ্ৰেপ্তাৰ কৰিছিল (ABT member Mufti Mustafa) ৷

উপ আৰক্ষী অধীক্ষক মৌচুমী দাসে জানিবলৈ দিয়া মতে, মৰিগাঁৱৰ মিলপুৰত চলিছিল জেহাদীৰ প্ৰশিক্ষণ ৷ সেই প্ৰশিক্ষণ শিৱিৰত অংশ লৈছিল বাংলাদেশৰ এটা জেহাদী সদস্যয়ো (Jihadi training camp in Morigaon) ৷

উল্লেখ্য যে, বৰপেটাত প্ৰায় দুমাহ পূৰ্বে প্ৰায় 8 টা জেহাদী ধৰা পৰাৰ পাচতেই ৰাজ্যত গোপনে প্ৰসাৰিত হোৱা জেহাদীৰ জালখন পোহৰলৈ আহে ৷ তাৰ পাচতেই আৰক্ষীৰ অনুসন্ধানত মৰিগাঁৱত গ্ৰেপ্তাৰ হৈছিল মাদ্ৰাছাৰ শিক্ষক হিচাপে কৰ্মৰত মুফটি মুস্তাফা ৷ এই ABT সদস্যটোক গ্ৰেপ্তাৰৰ পাচতেই বহু ন-ন তথ্য লাভ কৰাৰ লগতে নামনি অসমৰ গোৱালপাৰা আৰু বঙাইগাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় বহুকেইটা জেহাদীক ৷ যাৰ ভিতৰত বাংলাদেশৰ পৰা আহি খোপনি পোতা জেহাদীও আছে (ABT member arrested in Assam)৷

দেখা গৈছে যে, জেহাদীৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাজ্যত আটক হৈছে বিভিন্ন পেশাৰ ব্যক্তি ৷ গাড়ী চালক, কৃষকৰ পৰা ইমামলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জেহাদীৰে সম্পৰ্ক ৰখা অভিযোগ থকা বহুজনক ৷ ইতিমধ্যে জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত চাৰিখনকৈ মাদ্ৰাছা ভাঙি পেলোৱা হৈছে ৰাজ্যত (Madarsa demolished in Assam) ৷

ইয়াৰ ভিতৰত মৰিগাঁৱত এখন, বৰপেটাত এখন আৰু বঙাইগাঁৱত এখন মাদ্ৰাছা প্ৰশাসনে উচ্ছেদ কৰিছে ৷ গোৱাপাৰাত প্ৰশাসনৰ পৰিৱৰ্তে স্থানীয় ৰাইজে উচ্ছেদ কৰিছে এখন মাদ্ৰাছা ৷

লগতে পঢ়ক: মৰিগাঁৱত পুনৰ গ্ৰেপ্তাৰ দুই ABT সদস্য

Last Updated : Sep 12, 2022, 5:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.