ETV Bharat / city

নগাঁৱৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jun 5, 2021, 3:50 PM IST

নগাঁৱৰ ক’ভিড প্ৰতিষেধক কেন্দ্ৰ (Covid Vaccine Center)ত উত্তপ্ত পৰিস্থিতি । প্ৰতিষেধকৰ বাবে ৰাইজৰ হাহাকাৰ । ক’ভিড প্ৰতিষেধক কেন্দ্ৰ (Covid Vaccine Center)ত নাই শাৰীৰিক দূৰত্ব ।

as_ngn_tense-situation-in-nagaon-covid-vaccine-centre-etv-bharat-news_vis_7203829
নগাঁৱত ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

নগাঁও, 5 জুন : নগাঁও জিলাৰ হয়বৰগাঁও হাইস্কুল ক’ভিড প্ৰতিষেধক কেন্দ্ৰ (Covid Vaccine Center)ত শনিবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । শনিবাৰে পুৱাৰ পৰাই দ্বিতীয় পালি প্ৰতিষেধক ল’বলৈ শাৰী পতা একাংশই প্ৰতিষেধক নোপোৱাৰ ফলত ক্ষোভিত হৈ পৰে ।

প্ৰায় পাঁচ শতাধিক লোক উপস্থিত হোৱা ক’ভিড প্ৰতিষেধক কেন্দ্ৰটো (Covid Vaccine Center)ত ডেৰ শ জনীয়া তালিকা হাতত লৈ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও তালিকাখনত উপস্থিত একাংশ লোকৰ নাম নথকাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

পৰৱৰ্তী সময়ত আৰক্ষী, অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । নিজ ইচ্ছামতে স্বাস্থ্য বিভাগে তালিকা প্ৰস্তুত কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশ প্ৰতিষেধক ল’বলৈ অহা ব্যক্তিসকলে । ইয়াৰ বিপৰীতে অনলাইনৰ পৰা ডাউনলোড কৰা তালিকা মতেহে ভেকচিন প্ৰদান কৰা বুলি মন্তব্য কৰে জিলাখনৰ স্বাস্থ্য বিভাগৰ লোকে ।

ইপিনে ক’ভিড প্ৰতিষেধক কেন্দ্ৰটোত ক’ভিড প্ৰট'কল ভংগ হোৱাৰ ওপৰিও শাৰীৰিক দূৰত্বৰ নিয়মক ভংগ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : জীৱনৰ দুটা দশক পৰিৱেশ সজাগতাৰ বাবে উচৰ্গিত কৰা ব্যক্তিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.