ETV Bharat / city

কামপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি : আহত তিনি আৰক্ষী

author img

By

Published : Nov 18, 2019, 10:55 PM IST

বঢ়মপুৰৰ কামপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি ৷ উত্তেজিত লোকে থানাৰ চৌহদতে প্ৰহাৰ কৰিলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে এগৰাকী মহিলা আৰক্ষীসহ তিনিজনকৈ লোকক ৷

কামপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

বঢ়মপুৰ, 18 নৱেম্বৰ : বঢ়মপুৰৰ কামপুৰ আৰক্ষী থানাত সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উত্তেজিত লোকে থানাৰ চৌহদতে প্ৰহাৰ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে এগৰাকী মহিলা আৰক্ষীসহ তিনিজনকৈ লোকক ৷ লগতে উত্তেজিত লোকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ ঘৰতো আক্ৰমণ কৰে ৷ অৱশেষত কামপুৰ আৰক্ষীয়ে উত্তেজিত জনতাক ছত্ৰভংগ দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব সক্ষম হয় ।

কামপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, কামপুৰ ঘিলানীৰ এজন বিবাহিত যুৱক দেওবাৰে ৰাঙলুৰ ভাড়াঘৰত মৃত অৱস্থাত উদ্ধাৰ হৈছিল । হিপজুৰ ৰহমান নামৰ বিবাহিত যুৱকজনক পত্নীৰ পৰিয়ালে বিহু খুৱাই হত্যা কৰাৰ অভিযোগ তুলিছিল মৃত যুৱকজনৰ পৰিয়ালৰ লোকে । পত্নীসহ পাঁচজন লোকৰ বিৰুদ্ধে ইতিমধ্যে দেওবাৰে ৰাঙলু থানাত এজাহাৰ দাখিল কৰিছিল যুৱকৰ পৰিয়ালে ৷ মৃত যুৱকজনৰ পত্নীৰ অন্য পুৰুষৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ বাবেই এই হত্যাকাণ্ডৰ সন্দেহ কৰিছিল যুৱকৰ পৰিয়ালে ৷ ৰাঙলুৰ এটা ভাড়াঘৰত থকা যুৱকজনৰ পত্নী ফাৰহান খানৰ লগতে পত্নী পৰিয়ালৰ আমিনা বেগম, ফুলকণ বেগম, আফাজ উদ্দিন আৰু চামচুল হকে মিলি বিহু খুৱাই যুৱকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল যুৱকৰ পৰিয়ালৰ লোকে ৷

ইপিনে দেওবাৰে ৰাঙলু আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাছত সোমবাৰে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে পুনৰ কামপুৰ আৰক্ষী চকীত গোচৰ তৰিবলৈ আহিছিল । কিন্তু আৰক্ষীয়ে গোচৰ গ্ৰহণ নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । মৃত যুৱকৰ আত্মীয়ৰ অভিযোগ অনুসৰি পূৰ্বে দিয়া গোচৰো গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে ।

আনহাতে, কামপুৰ আৰক্ষীয়ে কয় যে, ঘটনাৰ স্থান যিহেতু ৰাঙলু সেয়েহে ৰাঙলু আৰক্ষী চকীত গোচৰ দিব লাগে ৷ ইয়াৰ পিছতে উত্তেজিত লোকে কামপুৰ থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ইতিমধ্যে আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা সম্পৰ্কত ঘটনাৰ লগত জড়িত এজনক আৰক্ষীয়ে আটক কৰিছে ।

আৰু পঢ়ক : লণ্ডন ভ্ৰমণ সম্পৰ্কত জয়ন্ত মল্ল বৰুৱাৰ স্পষ্টীকৰণ

Intro:বঢ়মপুৰৰ কামপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ ।ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ তিনিজন আহত ।

Anchor= কামপুৰ আৰক্ষী থানাত সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উত্তেজিত লোকে থানাৰ চৌহদতে প্ৰহাৰ কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে এগৰাকী মহিলা আৰক্ষী সহ তিনিজনকৈ লোকক ৷ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়াৰ ঘৰতো আক্ৰমণ উত্তেজিতৰ লোকৰ। পাছত কামপুৰ আৰক্ষীয়ে উত্তেজিত জনতাক ছত্ৰভংগ দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব সক্ষম হয়।উল্লেখযোগ্য , কামপুৰ ঘিলানীৰ এজন বিবাহিত যুৱক দেওবাৰে ৰাঙলুৰ ভাড়াঘৰত মৃত্যু হৈছিল। হিপজুৰ ৰহমান নামৰ বিবাহিত যুৱকজনক পত্নীৰ পৰিয়ালে বিহু খুৱাই হত্যা কৰাৰ অভিযোগ তুলিছিল মৃত যুৱকজনৰ পৰিয়ালৰ লোকে। যুৱক জনক বিহ খুৱাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ পত্নী আৰু শহুৰৰ পৰিয়ালৰ বিৰুদ্ধে ৷ পত্নীসহ পাঁচজন লোকৰ বিৰুদ্ধে ইতিমধ্যে দেওবাৰে ৰাঙলু থানাত এজাহাৰ দাখিল কৰিছিল মৃত যুৱক জনৰ পৰিয়ালে ৷ পত্নীৰ পৰ পুৰুষৰ লগত অবৈধ সম্পৰ্ক থকাৰ বাবেই এই হত্যাকাণ্ডৰ সন্দেহ মৃত যুৱকৰ পৰিয়ালৰ ৷ পৰকীয়া প্ৰেমৰ বাবেই দীৰ্ঘদিন ধৰি পতী পত্নীৰ মাজত চলি আছিল সংঘাট ৷ ৰাঙলুৰ এটা ভাড়া ঘৰত থকা যুৱকজনৰ পত্নী ফাৰহান খানৰ লগতে পত্নী পৰিয়ালৰ আমিনা বেগম, ফুলকণ বেগম, আফাজ উদ্দিন আৰু চামচুল হকে মিলি বিহু খুৱাই যুৱকজনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ ৷ইপিনে দেওবাৰে ৰাঙলু আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাছত আজি মৃত যুৱকজনৰ পৰিয়ালৰ লোকে পুনৰ কামপুৰ আৰক্ষী চকীত গোচৰ দিব আহিছিল।কিন্তু আৰক্ষীয়ে গোচৰ নোলোৱাত ইয়াকে কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মৃত যুৱকৰ আত্মীয়ৰ অভিযোগ পূৰ্বে দিয়া গোচৰ লোৱা নাছিল আৰক্ষীয়ে । কামপুৰ আৰক্ষীৰ মতে ৰাঙলু আৰক্ষী চকীত দিব লাগে গোচৰ কাৰণ ঘটনাৰ স্থান ৰাঙলু ৷ ইয়াৰ পিছতে উত্তেজিত লোকে কামপুৰ থানাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল। ইতিমধ্যে আৰক্ষী থানাত উতপ্ত পৰিস্থিতি সৃষ্টি কৰা সম্পৰ্কত ঘটনাৰ লগত জড়িত এজনক আৰক্ষীয়ে আটক কৰিছে ।Body:Byte = অতিৰিক্ত বিষয়া ,ভাৰপ্ৰাপ্তবিষয়া, প্ৰত্যক্ষদৰ্শী ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.