ETV Bharat / city

বিদ্যুতৰ বিলক কেন্দ্ৰ কৰি চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও - চামগুৰি

বিসংগতিপূৰ্ণ বিদ্যুৎ বিলক লৈ চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ অভিযোগ দিবলৈ দীৰ্ঘ দিনধৰি উপস্থিত নাই উচ্চ পদস্থ বিষয়া সকল ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে কাৰ্যালয়টোত উপস্থিত হয় শতাধিক ৰাইজ ৷

Surround the samguri electric sub-division office focusing on electricity bills
বিদ্যুতৰ বিলক কেন্দ্ৰ কৰি চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও
author img

By

Published : Jun 15, 2021, 8:45 PM IST

চামগুৰি, 15 জুন : নগাঁও জিলাৰ চামগুৰিত বিসংগতিপূৰ্ণ বিদ্যুতৰ বিলক কেন্দ্ৰ কৰি মঙলবাৰে চামগুৰিৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হয় একাংশ ক্ষুব্ধ গ্ৰাহক । পূৰ্বৰ বিলৰ সৈতে কোনো মিলা নথকাকৈ চামগুৰিৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে বিদ্যুতৰ বিল প্ৰেৰণ কৰিছে বুলি অভিযোগ কৰিছে একাংশ গ্ৰাহকে।

ইফালে দীৰ্ঘদিন ধৰি চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত নাই উচ্চপদস্থ বিষয়া সকল ৷ এই বিসংগতিপূৰ্ণ বিদ্যুৎ বিলৰ অভিযোগ দাখিল কৰিবলৈ গৈ দিনৰ পিছত দিন ধৰি উভতি আহিবলগা হৈছে বুলি আন এক গুৰুতৰ অভিযোগ কৰিছে ৰাইজে ।

বিদ্যুতৰ বিলক কেন্দ্ৰ কৰি চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও

ৰাজ্যত বৰ্তি থকা ক'ভিড পৰিস্থিতিৰ মাজতে স্ব-ইচ্ছাৰে উক্ত বৈদ্যুতিক কোম্পানীৰ বিষয়া কৰ্মচাৰীয়ে বিদ্যুতৰ মাছুল বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন কৰিছে চামগুৰিৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ অন্তৰ্গত অৰ্ধ শতাধিক গ্ৰাহক সকলে । এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিবলৈ কাৰ্যালয়টোত উপস্থিত নাথাকে শীৰ্ষ বিষয়াসকল ৷

ইফালে একাংশ গ্ৰাহকে নিয়মীয়াকৈ বিদ্যুৎ মাছুল পৰিশোধ কৰিছে যদিও পুনৰ বৰ্ধিতহাৰত বিল যোৱা বুলি অভিযোগ কৰিছে গ্ৰাহক সকলে ৷ এই বিষয়ে অভিযোগ কৰিবলৈ কাৰ্যালয়টোত উপস্থিত শীৰ্ষ বিষয়া ৷ ঘটনা সন্দৰ্ভত কোনো লোক যাতে কাৰ্যালয়টোত প্ৰৱেশ কৰিব নোৱাৰে তাৰবাৰে কাৰ্যালয়টোৰ গেটত কাৰ্যালয় কৰ্তৃপক্ষই ওলমাইছে বৃহৎ তলা । উক্ত ঘটনাটোৰ বিৰুদ্ধে সম্প্ৰতি জাঙুৰ খাই উঠিছে স্থানীয় গ্ৰাহক সকল ৷

কৰ'ণা পৰিস্থিতিৰ মাজতে এই বৰ্ধিত বিল পৰিশোধ কৰিবলৈ এতিয়া মুৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ অতি শীঘ্ৰেই উক্ত বিষয়টোৰ সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা শাসনাধিষ্ঠিত চৰকাৰ খনক আহ্বান জনাইছে ভুক্তভোগী গ্ৰাহক সকলে ।

লগতে পঢ়ক-অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.