ETV Bharat / city

নিৰুদ্দেশৰ ছবছৰ পাচত সোঁ-শৰীৰে ঘৰ পালেহি যুৱতী - নাৰীদেহ ব্যৱসায়ী

ছবছৰ পূৰ্বে ঘৰৰ পৰা নোহোৱা হোৱা এগৰাকী যুৱতী হঠাৎ উপস্থিত হ’ল ঘৰত ৷ ছবছৰে ক’ত আছিল, কেনেকৈ আছিল যুৱতী গৰাকী ? ক’ত নোহোৱা হৈছিল তেওঁ ? জানিবলৈ চাওক এই প্ৰতিবেদন ৷

human trafficking
নিৰুদ্দেশৰ ছবছৰ পাচত সোঁ-শৰীৰে ঘৰ পালেহি যুৱতী
author img

By

Published : Aug 24, 2021, 6:49 PM IST

ৰহা, 24 আগষ্ট : এটা চাকৰি কৰি সুখ আৰু স্বাচ্ছন্দ্যৰে জীৱন কটোৱাৰ হেঁপাহ কাৰনো নাথাকে ৷ কিন্তু কেতিয়াবা সেই চাকৰিটোৱেই কাল হৈ পৰে বহুতৰ বাবে ৷ এইগৰাকী যুৱতীৰো আছিল তেনে সপোন ৷ কিন্তু তেওঁৰ সপোনত আউল লাগিল ৷ ছবছৰ পূৰ্বে এটা দিয়াৰ সপোন দেখুৱাই ৰমা দাস নামৰ এজন লোকে যুৱতীগৰাকীক লৈ গৈছিল ঘৰৰ পৰা ৷ কিন্তু তেওঁ জনা নাছিল যে, সেই ৰমা এটা চিকাৰী আৰু চাকৰিটো এখন জাল ৷ সেই জালত বন্দী হ’ল যুৱতীগৰাকী ৷

লগতে পঢ়ক : ঠিকাৰ ধন সময়ত নোপোৱাৰ বাবেই বিজেপি নেতাই কৰিলে আত্মহত্যা

দুৰ্ভগীয়া যুৱতীগৰাকীৰ ঘৰ আছিল আমচৈৰ গাৰো গাঁৱত ৷ ৰমা দাসৰ বায়েক খেমাবালা দাসে গোপনে যুৱতীগৰাকীক লৈ আহিছিল জাগিৰোডলৈ ৷ তাৰ পাচত তুলি দিছিল ৰমা দাসৰ হাতত ৷ জাগীৰোডৰ পৰা যুৱতীগৰাকীক লৈ ৰমা গুচি গৈছিল হাৰিয়ানালৈ ৷ হাৰিয়ানা পোৱাৰ পাচদিনাই এজন লোকৰ সৈতে ডেৰ লাখ টকাৰ বিনিময়ত ৰমাই বিয়া পাতি দিছিল যুৱতীগৰাকীক ৷ বিয়াখন আছিল এটা অৱলম্বনহে ৷ আচলতে যুৱতীগৰাকীক বিক্ৰী কৰা হৈছিল নাৰীদেহ ব্যৱসায়ীক ৷ বিয়া হ’বলৈ যুৱতীগৰাকী অমান্তি হৈছিল যদিও একো কৰিব পৰা নাছিল সেই সময়ত ৷

নিৰুদ্দেশৰ ছবছৰ পাচত সোঁ-শৰীৰে ঘৰ পালেহি যুৱতী

লগতে পঢ়ক : LIC : জীৱনজোৰা প্ৰতিশ্ৰুতি দি আধাতে এৰিলে সংগ

চাওঁতে চাওঁতে দিন বাগৰিল ৷ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হ’ব লগাত পৰিল যুৱতীগৰাকী ৷ অজান ঠাইত দুখৰ কথা কাক ক’ব তাই, কোনেনো বুজিব ! পিচে মানুহ মাত্ৰেইতো বেয়া নহয় ৷ জাল্লাদৰো কেতিয়াবা চকুলো সৰে ৷ হাৰিয়ানাৰ একাংশ লোকে সহায় কৰিলে যুৱতী গৰাকীক ৷ ছটাকৈ বছৰ দুৰ্বিসহ জীৱন কটোৱাৰ পাচত অৱশেষত ৰহা পালেহি ভুক্তভোগী যুৱতীগৰাকী ৷ তেতিয়াহে স্পষ্ট হৈ পৰিল সকলো কথা ৷

যুৱতীগৰাকী ঘৰৰ পৰা নোহোৱা হোৱাৰ সময়ত অনেক বিচাৰ-খোচাৰ কৰিছিল পৰিয়ালৰ লোকে ৷ কিন্তু পোৱা নাছিল কোনো শুংসূত্ৰ ৷ বৰ্তমান যুৱতীগৰাকীয়ে আমচৈ থানাত ৰমা দাস আৰু খেমাবালা দাসৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷ নাৰী সৰবাহাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে খেমাবালা দাসক ৷ কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰিবলৈ বাকী ৰমা দাস ৷

লগতে পঢ়ক : পছন্দৰ গান নবজাৰ বাবেই মণ্ডপত প্ৰৱেশ কৰিবলৈ অস্বীকাৰ কইনাৰ

জানিব পৰা মতে ৰমা দাসে ইছলাম ধৰ্ম গ্ৰহণ কৰি ৰহাৰ এখন ধৰ্মীয় সংখ্যালঘু গাঁৱত আশ্ৰয় গ্ৰহণ কৰিছে ৷ ৰমা দাসে বিবাহো কৰাইছে একাধিক বাৰ ৷ অভিযোগ মতে, বহুকেইগৰাকী যুৱতীক এইদৰে চাকৰিৰ প্ৰলোভনেৰে বিক্ৰী কৰিছে ৰমা দাসে ৷ আৰক্ষীয়ে ইতমধ্যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৪ ধাৰাৰ অধীনত ২৬২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ এই চক্ৰৰ লগত জড়িত অধীক লোক জালত পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে ৷

এটা চাকৰিৰ আশাত গৈ এইদৰে ছবছৰৰ পাচত অহা যুৱতীগৰাকীক দেখি আচৰিত হৈ পৰিছে পৰিয়ালৰ লোক ৷ এইগৰাকী যুৱতী মাত্ৰ এটা উদাহৰণহে ৷ প্ৰায় প্ৰতিদিনে নাৰী সৰবৰাহকাৰীয়ে এনেদৰে প্ৰলোভন দেখুৱাই ৰাজ্যৰ পৰা বহিঃৰাজ্যলৈ নি বিক্ৰী কৰি আছে মহিলা-যুৱতী অথবা কিশোৰীক ৷

লগতে পঢ়ক : বিজেপি চৰকাৰে ব্যৰ্থতাৰ নতুন অভিলেখ সৃষ্টি কৰিছে: প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.