ETV Bharat / city

নগাঁও মহাবিদ্যালয়ত বিজ্ঞানী উদ্ধৱ ভৰালীৰ মত বিনিময় অনুষ্ঠান

author img

By

Published : Nov 13, 2019, 10:16 PM IST

নগাঁও মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰে বিজ্ঞানী উদ্ধৱ ভৰালীয়ে ৷ এই অনুষ্ঠানতে ৰোগীৰ বাবে নিজৰ পৰৱৰ্তী উদ্ভাৱনৰ বিষয়ে জানিবলৈ দিয়ে বিজ্ঞানীগৰাকীয়ে ৷

নগাঁও মহাবিদ্যালয়ত বিজ্ঞানী উদ্ধৱ ভৰালীৰ মত বিনিময় অনুষ্ঠান

নগাঁও, 13 নৱেম্বৰ : বুধবাৰে নগাঁও মহাবিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে বিশিষ্ট বিজ্ঞানী তথা উদ্ভাৱক পদ্মশ্ৰী ডঃ উদ্ধৱ ভৰালীয়ে ৷ অনুষ্ঠানত বিশিষ্ট বিজ্ঞানীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক নিজৰ জীৱনৰ সফলতাৰ বিষয়ে ব্যাখ্যা কৰি কয় যে, জীৱনত অসম্ভৱ বুলি কোনো বস্তু নাই ৷ প্ৰযুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত নগাঁও মহাবিদ্যালয় দেশৰ ভিতৰতে অদ্বিতীয় বুলি মন্তব্য কৰে ভৰালীয়ে । মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰি নিজৰ সময় সাৰ্থক হোৱা বুলি মন্তব্য কৰে বিজ্ঞানী গৰাকীয়ে ৷

অনুষ্ঠানতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ প্ৰশংসা কৰে উদ্ধৱ ভৰালীয়ে ৷ ৰোগীৰ বাবে নিজৰ পৰৱৰ্তী উদ্ভাৱনৰ বিষয়েও জানিবলৈ দিয়ে বিজ্ঞানীগৰাকীয়ে ৷

উদ্ধৱ ভৰালীৰ মত বিনিময় অনুষ্ঠান

উল্লেখ্য যে, নগাঁও মহাবিদ্যালয়ৰ পদাৰ্থ আৰু ৰাসায়নিক বিজ্ঞান বিভাগে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে ৷ বজাৰত উভৈনদী হৈ পৰা বিভিন্ন বিষাক্ত খাদ্য-সামগ্ৰী বিষমুক্ত কৰিবলৈ প্ৰকল্প লৈছে মহাবিদ্যালয়খনৰ দুই বিভাগে ৷ কম খৰচতে অ'জন গেছ প্ৰয়োগেৰে শাক পাচলি, মাছ আদি খাদ্য-সামগ্ৰী বিষাক্তমুক্ত কৰাৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে মহাবিদ্যালয়খনে ।

উল্লেখযোগ্য যে, নগাঁও মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত ডঃ জিতেন গোহাঁইৰ সোঁৱৰণত বিদ্যালয়খনক সেউজ বঁটা প্ৰদান কৰে বিজ্ঞানী ডঃ উদ্ধৱ ভৰালীয়ে ৷

আৰু পঢ়ক :অন্ত পৰিল অল আছাম স্পৰ্ট কিক বক্সিং চেম্পিয়নশ্বিপ, 2019

Intro:নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্রীৰে মত বিনিময় বিশিষ্ট বিজ্ঞানী উদ্ধৱ ভৰালীৰ। প্ৰদূষণ ৰোধ কৰিবলৈ শাক পাচলি, ফল মূলৰ লগতে প্ৰয়োজন জুপৰি গছৰো। প্ৰযুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অদ্বীতীয় নগাওঁ মহাবিদ্যালয়। নগাওঁ মহাবিদ্যালয়ত বিজ্ঞানী পদ্মশ্ৰী ডঃ উদ্ধব ভৰালীৰ মন্তব্য।

Body:প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰয়োজন শাক পাচলি, ফল মূলৰ লগতে জুপুৰি গছৰো। সৰু গছেও যোগান দিয়ে অক্সিজেন। নগাওঁ মহাবিদ্যালয় প্ৰেক্ষাগৃহত বুধবাৰে ছাত্ৰ ছাত্রীৰে মত বিনিময় কৰি এই মন্তব্য কৰে বিশিষ্ট বিজ্ঞানী তথা উদ্ভাৱক পদ্মশ্ৰী ডঃ উদ্ধব ভৰালীয়ে। উপস্থিত ছাত্ৰ ছাত্ৰীক ডঃ উদ্ধবা ভৰালীৰ আহ্বান কেতিয়াও হাৰিবলৈ নিশিকিবা। অসম্ভৱ একোৱেই নাই বুলি উল্লেখ কৰি বিশিষ্ট বিজ্ঞানীগৰাকীয়ে ছাত্ৰ ছাত্ৰীক ব্যাখ্যা কৰে নিজৰ জীৱনৰ সফলতা। প্ৰযুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত নগাওঁ মহাবিদ্যালয় দেশৰ ভিতৰতে অদ্বীতীয় বুলিও মন্তব্য কৰে বিজ্ঞানীগৰাকীয়ে। মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্রীৰে মত বিনিময় কৰি নিজৰ সময় সাৰ্থক হোৱা বুলিও মন্তব্য কৰে উদ্ভাৱক উদ্ধব ভৰালীয়ে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ প্ৰশংসা কৰে বিশিষ্ট বিজ্ঞানীগৰাকীয়ে। লগতে ৰোগীৰ বাবে নিজৰ পৰবৰ্তী উদ্ভাৱনৰ বিষয়েও ই টি ভি ভাৰতৰ সন্মুখত উল্লেখ কৰিলে ডঃ উদ্ধব ভৰালীয়ে।
bite, উদ্ধব ভৰালী।
vo- ইপিনে নগাওঁ মহাবিদ্যালয়ৰ পদাৰ্থ আৰু ৰাসায়নিক বিজ্ঞানৰ উদ্যোগত গ্ৰহণ কৰিছে আন আন এক নতুন পদক্ষেপ। বজাৰত উভৈনদী হৈ পৰা বিভিন্ন বিষাক্ত খাদ্য সামগ্ৰী কিদৰে বিষাক্তমুক্ত কৰিবলৈ হাতত লৈছে প্ৰকল্প। কম খৰচতে অজন গেছ প্ৰয়োগেৰে শাক পাচলি, মাছ আদি খাদ্য সামগ্ৰী বিষাক্তমুক্ত কৰাৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে নগাওঁ মহাবিদ্যালয়ে।
bite, শৰৎ বৰকটকী, অধ্যক্ষ, নগাওঁ মহাবিদ্যালয়

Conclusion:উল্লেখযোগ্য যে নগাওঁ মহাবিদ্যালয়ত ছাত্ৰ ছাত্রীৰে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত ডঃ জিতেন গোহাঁইৰ সোঁৱৰণত বিদ্যালয়খনক সেউজ বঁটা প্ৰদান কৰে বিজ্ঞানী ডঃ উদ্ধব ভৰালীয়ে।
-------- --------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম।
১৩-১১-১৯

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.