কলিয়াবৰ, 10 অক্টোবৰ: এইবাৰ কলিয়াবৰ লোকসভা সমষ্টি (Kaliabor Lok Sabha constituency) কংগ্ৰেছ দলৰ পৰা উদ্ধাৰৰ বাবে টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷ সোমবাৰে কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টীৰ বুথ সশক্তিকৰণ অভিযানৰ অংশ হিচাপে অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal at Kaliabor) ।
কলিয়াবৰৰ জখলাবন্ধাৰ মিলন সংঘৰ (Jakhalabandha Milan Sangha) প্ৰেক্ষাগৃহত অনুষ্ঠিত এই বৈঠকৰ জৰিয়তে বিজেপি দলৰ প্ৰত্যেকজন কৰ্মীয়ে কৰা ত্যাগক স্মৰণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমাগত লোকসভা নিৰ্বাচনৰ বাবে সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে বিজেপি দল সাজু হৈছে বুলি মন্তব্য কৰে ৷
লগতে কলিয়াবৰ লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ সকল্প গ্ৰহণ কৰিব লাগিব বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
-
Booths are the grassroots foundational strength of @BJP4India.
— Sarbananda Sonowal (@sarbanandsonwal) October 10, 2022 " class="align-text-top noRightClick twitterSection" data="
Delighted to meet booth level karyakartas under Kaliabor LS constituency today. Their enthusiasm and spirit give us huge joy and inspiration. Some glimpses from the meeting. pic.twitter.com/sykBZapPaG
">Booths are the grassroots foundational strength of @BJP4India.
— Sarbananda Sonowal (@sarbanandsonwal) October 10, 2022
Delighted to meet booth level karyakartas under Kaliabor LS constituency today. Their enthusiasm and spirit give us huge joy and inspiration. Some glimpses from the meeting. pic.twitter.com/sykBZapPaGBooths are the grassroots foundational strength of @BJP4India.
— Sarbananda Sonowal (@sarbanandsonwal) October 10, 2022
Delighted to meet booth level karyakartas under Kaliabor LS constituency today. Their enthusiasm and spirit give us huge joy and inspiration. Some glimpses from the meeting. pic.twitter.com/sykBZapPaG
এই পৰ্যালোচলনা সভাত ৰাজ্যিক সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, কলিয়াবৰ বিধানসভা সমিতিৰ প্ৰভাৰী ঋতুবৰণ শৰ্মা, সুভাষ দত্ত, বিজয় গুপ্তা, প্ৰদীপ বৰঠাকুৰ, ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ লগতে কলিয়াবৰ জিলা বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিততো কলিয়াবৰত এখন দলীয় সভা অনুষ্ঠিত হৈছিল ৷
লগতে পঢ়ক: খহনীয়া ৰোধৰ বাবে বিশেষ আঁচনি প্ৰস্তুতৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ