ৰহা, 4 ছেপ্তেম্বৰ: ৰহাৰ বগৰীগুৰি ভয়ংকৰ পথ দুৰ্ঘটনা (Raha Road Accident) ৷ দুৰ্ঘটনাটোত চালকসহ তিনিজন লোক নিহত হয় ৷ লগতে দুজন লোক আহত গুৰুতৰভাৱে আহত হয় ৷ ঘটনা অনুসৰি, দেওবাৰে পুৱতি নিশা RJ 23 E 0089 নম্বৰৰ এখন ৰখাই থোৱা ট্ৰাকত গুৱাহাটী পৰা নগাঁও অভিমুখী অন্য এখন ট্ৰাকে খুন্দা মাৰে ৷
ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ উল্লেখ্য যে, RJ 23 E 0089 নম্বৰৰ ট্ৰাকখন যান্ত্ৰিক বিজুতিৰ বাবে ৰাষ্ট্ৰীয় পথৰ ওপৰত ৰৈ আছিল ৷ কেইবাজনো লোকে ট্ৰাকখন মেৰামতি কৰি আছিল । তেনে সময়তে ৰৈ থকা ট্ৰাকখনত খুন্দা মাৰে গুৱাহাটীৰ পৰা নগাঁও অভিমুখী AS 25 DC 9039 নম্বৰৰ ট্ৰাকখনে । দুৰ্ঘটনাটোৰ ফলত খুন্দা মৰা ট্ৰাকখনৰ চালকৰ লগতে ৰৈ থকা ট্ৰাকখন মেৰামতি কৰি থকা দুজন শ্ৰমিক নিহত হয় (Three killed in Road accident) ।
লগতে দুজন লোক গুৰুতৰভাৱে আহত হয় (Two Injured in Raha Road Accident) ৷ ইতিমধ্যে আহত কেইজনক স্থানীয় ৰাইজৰ তৎপৰতাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।