ETV Bharat / city

কলিয়াবৰত বিজয়া দশমীৰ দিনাই বিধ্বংসী অগ্নিকাণ্ড

author img

By

Published : Oct 9, 2019, 9:40 AM IST

কলিয়াবৰৰ মিছা ভূঞাপট্টিত বিধ্বংসী অগ্নিকাণ্ড ৷ কথমপি প্ৰাণৰক্ষা পৰিয়ালৰ ৷ এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ নথি-পত্ৰৰ  লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ।

কলিয়াবৰত ভষ্মীভূত ঘৰটো

নগাঁও, 9 অক্টোবৰ : বিজয়া দশমীৰ দিনাই কলিয়াবৰৰ মিছা ভূঞাপট্টিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ দুৰ্গা পূজাৰ হৰ্ষোল্লাসৰ মাজতে মঙ্গলবাৰে নিশা প্ৰায় ১০ বজাত মিছা পানী যোগান আঁচনিৰ কৰ্মচাৰী অৰুণ দাসৰ বাসগৃহত আকস্মিকভাবে স্থানীয় ৰাইজে দপদপাই জুই জ্বলা প্ৰত্যক্ষ কৰে ৷ লগে লগে সমগ্ৰ গাঁওখনতে এই খবৰ বিয়পি পৰি এক আতংকময় পৰিবেশৰ সৃষ্টি হয় । এই অগ্নিকাণ্ডত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ উত্তাপ যথেষ্ট বৃদ্ধি পোৱাৰ লগতে সমগ্ৰ ঘৰখনতে জুইয়ে তৎমূহুৰ্ততে আগুৰি ধৰাত ঘৰটোৰ ভিতৰভাগ সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ পৰে ।

কলিয়াবৰত অগ্নিকাণ্ডৰ ঘটনা

আনহাতে, অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে অগ্নিনিৰ্বাপন বাহিনী, আমবাগান অগ্নিনির্বাপন বাহিনী সেৱা, আৰু সোণাৰী বালি অগ্নিনির্বাপন বাহিনী সেৱাৰ মুঠ ৪ খনকৈ গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

অৱশ্যে অগ্নিকাণ্ডৰ সময়ত অৰুণ দাসৰ ঘৰত কোনো নথকাৰ বাবেই পৰিয়ালৰ সকলো লোক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে । এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অনুমান কৰিছে । এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ নথি-পত্ৰৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ।

Intro:কলিয়াবৰৰ মিছা ভূঞাপট্টিত বিধ্বংসী অগ্নিকাণ্ড

কলিয়াবৰৰ মিছা ভূঞাপট্টিত বিধ্বংসী অগ্নিকাণ্ড কথমপি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

কলিয়াবৰৰ মিছা পানী যোগান আঁচনিৰ কৰ্মচাৰীৰ বাসভৱনত ভয়ংকৰ অগ্নিকাণ্ড, ভয়ঙ্কৰ জুইত জ্বলি চাৰখাৰ সম্পূৰ্ণ বাসগৃহBody:দুৰ্গা পূজাৰ হৰ্ষোল্লাসৰ মাজতে মঙ্গলবাৰে নিশা প্ৰায় ১০:০০ মান বজাত মিছা পানী যোগান আঁচনিৰ কৰ্মচাৰী অৰুণ দাসৰ বাসগৃহত আকস্মিক ভাবে স্থানীয় ৰাইজে দপদপাই জুই জ্বলা প্ৰত্যক্ষ কৰে আৰু লগে লগে সমগ্ৰ গাঁওখনতে এই খবৰ বিয়পি পৰি এক আতংক মই পৰিবেশৰ সৃষ্টি হয়। এই অগ্নিকাণ্ডত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ ফুটাৰ ফলত জুইৰ উত্তাপ যথেষ্ট বৃদ্ধি পোৱাৰ লগতে সমগ্ৰ ঘৰখনতে জুইয়ে তৎমূহুৰ্ততে আগুৰি ধৰাত ঘৰটোৰ ভিতৰভাগ সম্পূৰ্ণ ৰূপে ভষ্মীভূতহৈ চাই হৈ পৰে।

আনহাতে অগ্নিনির্বাপন বাহিনীয়ে অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে
অগ্নিনিৰ্বাপন বাহিনী সেৱা, আমবাগান অগ্নিনির্বাপন বাহিনী সেৱা, আৰু সোণাৰী বালি অগ্নিনির্বাপন বাহিনী সেৱাৰ মুঠ ৪ খনকৈ গাড়ীয়ে ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অৱশ্যে অগ্নিকাণ্ডৰ সময়ত অৰুণ দাসৰ ঘৰত কোনো নথকাৰ বাবেই পৰিয়ালৰ সকলো লোক ভয়ঙ্কৰ বিপদৰ পৰা ৰক্ষা পৰিল । এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে অনুমান কৰিছে । এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালতোৰ নথি পত্ৰ কিতাপ বহিৰ লগতে লক্ষাধিক টকাৰ সা - সম্পত্তি জুইত জাহ যায়।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.