ৰূপহীহাট, 23মাৰ্চঃ ‘খেলা খেলা খেলা হ'ব ,এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ হ'ব ।’ শেহতীয়াকৈ দেশজুৰি চৰ্চিত ‘খেলা খেলা খেলা হ'বে’- বাক্যশাৰীয়ে পশ্চিমবংগত বিশেষভাৱে সকলো ভোটাৰকে আকৰ্ষিত কৰাৰ দৰে অসমতো ৰাজনৈতিক নেতাৰ মুখত সততে উচ্চাৰিত হৈছে এই শাৰী বাক্য । ’খেলা খেলা খেলা হ'ব- অসমত পুনৰ কংগ্ৰেছৰ চৰকাৰ হ'ব’- এই বাক্যশাৰীয়ে যেন কংগ্ৰেছৰ প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰীৰ ৰকিবুল হুছেইনৰ হৃদয়ত গভীৰ ভাৱে ৰেখাপাট কৰিছে তাৰেই উমান পোৱা যায় নিৰ্বাচনী সভাসমূহত ৷
প্ৰত্য়েকটো নিৰ্বাচনী সভাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ মুখত অতি স্পষ্টকৈ স্থান পাইছে 'খেলা খেলা খেলা হ'ব" বাক্যশাৰী । সোমবাৰে নিশা ৰূপহীহাট সমষ্টিৰ জুৰীয়াত কলনিজলাহত কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাৰ হৈ ৰকিবুল হুছেইন উপস্থিত হৈ দলীয় কৰ্মীসকলৰ সৈতে এক সভাত অংশ লয় ৷ এই সভাতেই আগন্তুক নিৰ্বাচনত অসমত খেলা হ'ব বুলি মন্তব্য কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে । প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বিজেপি চৰকাৰক সমালোচনা কৰা লগতে মহাজোঁটে অসমৰ প্ৰতিটো সমষ্টিতে খেলা দেখুৱাব বুলি মন্তব্য কৰে ৷