নগাঁও, 5 এপ্ৰিল: নগাঁৱৰ মাজমজিয়াৰ ফৌজদাৰীপট্টিৰ নিম্ন বুনিয়াদী বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ নামত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে । উক্ত ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়খনত সোমবাৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে অভিভাৱক সকলে ৷
সোমবাৰে নগাঁও জিলাৰ ফৌজদাৰীপট্টিৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষক গোটৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে অভিভাৱক সকল ৷ কাৰণ বিনামূলীয়া পাঠ্যপুথি নিবলৈ অহাত ছাত্ৰ-ছাত্ৰী সকলৰ পৰা ১৫০ টকাকৈ ধন বিচৰা বুলি অভিযোগ কৰে শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে । তাৰোপৰি ১৫০ টকা আদায় নিদিলে কিতাপ নিদিও বুলি কোৱাৰো অভিযোগ উত্থাপন কৰে অভিভাৱক সকলে ।
আনহাতে, বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ পৰা বিদ্যুৎ বিল অথবা অন্যান্য বছেৰেকীয়া খৰছৰ বাবদ এই ধন সংগ্ৰহ কৰা বুলি দাবী কৰে শিক্ষয়িত্ৰী সকলে । উক্ত ঘটনাক কেন্দ্ৰ কৰি কিতাপ সংগ্ৰহৰ বাবে যোৱা অভিভাৱক সকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।
উল্লেখ্য যে, বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী মনোৱাৰা বেগমৰ নিৰ্দেশতেই সহকাৰী শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰীক নিৰ্দেশ দিয়া বুলি সাংবাদিকৰ আগত সদৰি কৰিছে ৷ ইফালে বিদ্যালয় খনত সাংবাদিক যোৱাৰ উমান পাই প্ৰধান শিক্ষয়িত্ৰী গৰাকী উপস্থিত নোহোৱা বুলিও অভিযোগ কৰিছে উপস্থিত ৰাইজে ।
লগতে পঢ়ক-বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উত্তপ্ত পৰিস্থিতি