ETV Bharat / city

বটদ্ৰৱাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত খেলিমেলিৰ অভিযোগ ৰাজহুৱা হিচাপ সমিতিৰ

author img

By

Published : Sep 22, 2022, 10:36 PM IST

Updated : Sep 22, 2022, 11:03 PM IST

নগাঁও জিলাৰ ধিং আৰু বটদ্ৰৱা সমষ্টি ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ আঁচনিৰ কাম-কাজৰ চৰজমিন পৰিদৰ্শন ৰাজহুৱা হিচাপ সমিতিৰ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসিঞ্চন বিভাগ, মীন বিভাগ, সমাজ কল্যাণ বিভাগ, লোকনিৰ্মাণ বিভাগৰ আচঁনি সমূহ পৰিদৰ্শন কৰে দলটোৱে (Govt schemes implementation in Batadrava)৷

Govt schemes implementation in Batadrava

নগাঁও, 22 ছেপ্টেম্বৰ: অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিয়ে বৃহস্পতিবাৰে নগাঁও জিলাৰ ধিং আৰু বটদ্ৰৱা সমষ্টি ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ আঁচনিৰ কাম-কাজৰ চৰজমিন পৰিদৰ্শন কৰে (Public Accounts Committee visits Nagaon)। বটদ্ৰৱা সমষ্টিৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলসিঞ্চন বিভাগ, মীন বিভাগ, সমাজ কল্যাণ বিভাগ, লোকনিৰ্মাণ বিভাগৰ আচঁনি সমূহ পৰিদৰ্শন কৰে দলটোৱে (Govt schemes implementation in Batadrava)৷

ইয়াৰ উপৰিও বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত নিৰ্মাণ চলি থকা ১৮৮ কোটি টকাৰ বটদ্ৰৱা প্ৰকল্পৰ (Project Batadrava) কাম-কাজ সমূহো দলটোৱে পৰিদৰ্শন কৰে (Beautification of Batadrava Than) । পৰিদৰ্শন কালত সমিতিৰ সদস্যসকলে বটদ্ৰৱা থানত প্ৰৱেশ কৰি কীৰ্তনঘৰত মূৰ দোৱায় ।

নগাঁও জিলাত অংগনবাদী কেন্দ্ৰসমূহ যি ধৰণে পৰিপাতি হ’ব লাগে, এই ক্ষেত্ৰত কিছু আসোঁৱাহ আছে বুলি উল্লেখ কৰে পি এ চি কমিটিৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীয়ে ।

বৃহস্পতিবাৰে পৰিদৰ্শন কৰা আঁচনিক লৈ সম্পূৰ্ণ সন্তুষ্ট নহয় বুলি মন্তব্য কৰে অধ্যক্ষই । ইপিনে বটদ্ৰৱাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবাটাও আঁচনিত (PHE schemes in Nagaon) খেলিমেলি থকা বুলিও অভিযোগ উত্থাপন কৰে পি এ চি কমিটিৰ সদস্য তথা কংগ্ৰেছ বিধায়ক কমলক্ষ দে’ পুৰকায়স্থই ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনিত খেলিমেলিৰ অভিযোগ

এই দলটোত আছে অসম বিধানসভাৰ সদস্য ক্ৰমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভবেন্দ্ৰ নাথ ভৰালী, ৱাজেদ আলী চৌধুৰী, বসন্ত দাস, কমলাক্ষ দে’ পুৰকায়স্থ, উৎপল বৰা, চক্ৰধৰ গগৈ, গোবিন্দ্ৰ চন্দ্ৰ বসুমতাৰীকে আদি কৰি আঠ গৰাকী বিধায়ক ৷

এই দলটোৱে বুধবাৰে মৰিগাঁও জিলাৰ সমষ্টি কেইটা পৰিদৰ্শন কৰে (Public Accounts Committee visits Morigaon)৷ এই দলটোৱে প্ৰথমে জাগীৰোড সমষ্টিৰ অন্তৰ্গত কেইবাখনো আঁচনিৰ কাম-কাজ পৰিদৰ্শন কৰে । মৰিগাঁও জিলাত ৰূপায়ণ কৰি থকা বিভিন্ন প্ৰকল্প আৰু আচঁনিৰ পৰ্যাবেক্ষণ কৰোতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কামত দুৰ্নীতি হৈছে বুলি প্ৰকাশ পাইছে । এই সকলোখিনি নিৰীক্ষণ কৰে দলটোৱে ৷

লগতে পঢ়ক: ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিয়ে পৰিদৰ্শন কৰিলে জাগীৰোডৰ বহুকেইখন আঁচনিৰ কাম

Last Updated : Sep 22, 2022, 11:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.