ETV Bharat / city

Protest against NPS : নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে নগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ - Protest against New pension system in Nagaon

কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন নীতিৰ বিৰোধিতাত (New pension system of Central Government) এনপিএছৰ অধীনৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ অব্যাহত আছে ৷ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ বাহালৰ ব্যৱস্থা নকৰিলে অবিৰতভাৱে আন্দোলন কৰাৰ হুংকাৰ কৰ্মচাৰী সন্থাৰ ।

New Pension System employees protest at Nagaon
এনপিএছ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ
author img

By

Published : Dec 27, 2021, 5:28 PM IST

নগাঁও, 27 ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতি(New Pension System)ৰ বিৰুদ্ধে সোমবাৰে নগাঁৱত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এই পেঞ্চন নীতিৰ অধীনস্থ কৰ্মচাৰীসকল । নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবীত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে (Protest against New pension system in Nagaon)। নতুন পেঞ্চন নীতি সম্পূৰ্ণ বজাৰ ভিত্তিক বুলি অভিহিত কৰি এই পেঞ্চন নীতি শীঘ্ৰে বাতিল কৰাৰ দাবী জনায় এনপিএছ কৰ্মচাৰী সন্থাই(New Pension System employees protest) ।

New Pension System employees protest at Nagaon
নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে কৰ্মচাৰীৰ প্ৰতিবাদ

নতুন পেঞ্চন নীতিৰ জৰিয়তে কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত নহয় বুলি দাবী কৰে প্ৰতিবাদকাৰী এনপিএছ কৰ্মচাৰী সন্থাই । যাৰ বাবে পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰে নতুন পেঞ্চন নীতিৰ অধীনস্থ কৰ্মচাৰী সন্থাই (Employees under NPS)। প্ৰতিবাদকাৰীসকলে সদৰি কৰা অনুসৰি নতুন পেঞ্চন নীতিৰ অধীনত ৰাজ্যৰ প্ৰায় দুই লক্ষাধিক কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে । এই দুই লক্ষাধিক কৰ্মচাৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনায় এনপিএছৰ অধীনৰ কৰ্মচাৰী সন্থাই ৷

নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে নগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ

নতুন পেঞ্চন নীতিৰ অধীনস্থ কৰ্মচাৰী সন্থাই পুনৰ পুৰণি পেঞ্চন নীতিৰ অধীনত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰাৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ তেওঁলোকে লগতে পুৰণি পেঞ্চন ব্যৱস্থাৰ জৰিয়তে পেঞ্চন প্ৰদানৰ ব্যৱস্থা নকৰিলে অবিৰত আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত আন্দোলনৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.