ETV Bharat / city

বিতৰ্কিত কৃষি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত - কৃষক বিৰোধী বিধেয়ক বিজেপিৰ

সংসদৰ চলিত অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে সদনত উত্থাপন কৰে বিতৰ্কিত কৃষি বিধেয়ক 2020 ৷ এই বিধেয়কৰ বিৰুদ্ধে ইতিমধ্যেই সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ সমান্তৰালকৈ অসমতো বিভিন্ন দল সংগঠনৰ সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

বিতৰ্কিত কৃষি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ

author img

By

Published : Sep 27, 2020, 8:04 AM IST

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ : কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ দেশত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ বিতৰ্কিত এই বিধেয়ক বাতিল কৰি কৃষকক সকাহ প্ৰদান কৰাৰ দাবীৰে শনিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰে অসম তথা ভাৰতবৰ্ষৰ অন্যতম কৃষক সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ইয়াৰ ভাতৃ সংগঠনে ৷ ৰাজ্যৰ গোৱালপাৰা, নগাঁও আৰু বঙাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

গোৱালপাৰা : কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীত শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । গোৱালপাৰা মহাবিদ্যালয় সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় অৰ্ধশতাধিক প্ৰতিবাদকাৰীয়ে মোদী চৰকাৰে লোৱা কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

গোৱালপাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে কৃষক বিৰোধী আইন বাতিল কৰক,কৃষক বিৰোধী বিজেপি চৰকাৰ হুচিয়াৰ, কৃষক বিৰোধী বিজেপি গ' বেক, নৰেন্দ্ৰ মোদী নিপাত যাওক, কৃষক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বিজেপি লেই লেই ছেই ছেই আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তিৰ জিলা সভাপতি আমিনুল হকে কয় যে এটাৰ পিছত এটা জনবিৰোধী নীতিৰে পূঁজিপতিৰ স্বাৰ্থত আইন প্ৰণয়ন কৰি আহিছে । শেহতীয়াকৈ মোদী চৰকাৰে সংসদত তিনিখনকৈ বিধেয়ক গৃহীত কৰি কৃষকসকলক ধ্বংসৰ মুখলৈ ঠেলি দিছে । কৃষি বিল বাতিল নকৰালৈকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদ অনাগত দিনত আৰু ভয়ংকৰ ৰূপ ল'ব বুলি হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আমিনুল হকে ।

নগাঁও : বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিক্ষোভ আৰু প্ৰতিবাদ । বিতৰ্কিত কৃষি বিধেয়কৰ প্ৰতিলিপি দাহ কৰে সংগঠনটোৱে । বিজেপি নেতৃত্বাধীন চৰকাৰে কৃষকৰ স্বাৰ্থৰ সম্পূৰ্ণ পৰিপন্থী তিনিখন আইন জাপি দিবলৈ কৰা ষড়যন্ত্ৰৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে এতিয়া বিভিন্ন দল-সংগঠন । বিজেপি আৰু সহযোগী দলসমূহৰ জনবিৰোধী তথা স্বৈৰাচাৰী নীতিৰ প্ৰতিবাদ কৰি নগাঁৱত শনিবাৰে বিতৰ্কিত বিলৰ প্ৰতিলিপি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে চৰকাৰী পক্ষক এনে ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকিবলৈ হুংকাৰ প্ৰদান কৰে ।

নগাঁওত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

বঙাইগাঁও : কৃষি বিধেয়ক বাতিলৰ দাবীত বঙাইগাঁৱত প্ৰতিবাদী কাৰ্যসূচী কৃষক মুক্তিৰ । বইটামাৰীত কৃষি বিধেয়ক বাতিলৰ দাবীত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব‍্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । শেহতীয়াকৈ সংসদত গৃহীত হোৱা কৃষি আইন বাতিলৰ দাবীত শনিবাৰে বঙাইগাঁৱত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিয়ে ৷ শনিবাৰে আবেলি বঙাইগাঁৱৰ বইটামাৰীত ৰাষ্ট্ৰীয় পথত কৃষক মুক্তিৰ অৰ্দ্ধশতাধিক সমৰ্থকে অৱস্থান গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা চোচৰাই লৈ পিচত দাহ কৰি কৃষি বিধেয়ক বাতিলৰ দাবী জনায় ৷

বইটামাৰীত কৃষক মুক্তিৰ কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

সমগ্ৰ দেশৰ লগতে কৃষি বিধেয়ক বাতিলৰ দাবীত অসমতো কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰি আছে । তাৰে অংশ হিচাবে এইদৰে প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে কৃষক মুক্তিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে পঢ়ক : পৰ্যটন বিভাগে ঘোষণা কৰিলে তিনিখন নতুন আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.